অসম

assam

By

Published : May 19, 2021, 6:11 PM IST

ETV Bharat / state

জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মানত ব্যাপক অনিয়ম

লুহিজানৰ পৰা বেৰাঘাটলৈ সংযোগী পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আৱণ্টন পোৱা ঠিকাদাৰে নিজে কামটো কৰাৰ বিপৰীতে অন্য এজন উপ-ঠিকাদাৰক নিৰ্মাণ কাৰ্যত নিয়োজিত কৰি অতি নিম্নমানেৰে পথটো নিৰ্মাণৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

Mayas_Jonai_corruption-in-road-construction-at-jonai_vis_ASC10072
জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম

জোনাই, 19 মে':ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত লুহিজানৰ পৰা বেৰাঘাটলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ গড়কাপ্তানি বিভাগৰ পকী পথটো নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি আছুৰ লগতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি জোনাই লুহিজান পঞ্চায়তৰ লুহিজানৰ পৰা বেৰাঘাটলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি বিভাগৰ পথছোৱাৰ নিৰ্মাণৰ বাবে জনৈক আগৰৱালা নামৰ এজন ঠিকাদাৰক আৱণ্টন দিয়া হৈছিল ৷ কিন্তু ঠিকাদাৰগৰাকীয়ে নিজে কামটো কৰাৰ বিপৰীতে অন্য এজন উপ-ঠিকাদাৰক নিৰ্মাণ কাৰ্যত নিয়োজিত কৰি অতি নিম্নমানেৰে পথটো নিৰ্মাণৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম

পথটো ঠিকাদাৰে নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই এফালৰ পৰা পথটো জহি-খহি যোৱা দেখা গৈছে ৷ এই পৰিপেক্ষিততে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধিৰ দলে পথছোৱা পৰিদৰ্শন কৰি অসাধু ঠিকাদাৰ আৰু জোনাই উপ-সংমণ্ডল গড়কাপ্তানি বিভাগৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাসকলে মিলি পথছোৱা নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলতে নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই ব্লেকটপিঙবোৰ উঠি যোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত বসুমতাৰীয়ে পথছোৱাৰ নিৰ্মাণৰ সময়ত বিশেষকৈ ব্লেকটপিং কৰাৰ সময়ত কামৰ থলীত বিভাগীয় অভিযন্তা-কনিষ্ঠ অভিযন্তা উপস্থিত নথকাৰ বাবেই অসাধু ঠিকাদাৰে মইমতালিৰে পথছোৱা নিম্নমানেৰে নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ।

ফলত বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই এই পথটো নিৰ্মাণত জড়িত দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰাৰ লগতে অসাধু ঠিকাদাৰগৰাকীক শীঘ্ৰে ব্লেক লিষ্টেড কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে । অন্যথা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ গঢ়ি তোলাপৰ হুংকাৰ দিয়ে আছুৰ নেতৃত্বই ৷

আনহাতে, সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ভিড আতংকৰ মাজতে শিশু শ্ৰমিক আইন ভৰিৰে মোহাৰি জোনাইৰ লোহিজান গড়কাপ্তানি পথ নিৰ্মানত অসাধু ঠিকাদাৰে শিশু শ্ৰমিক নিয়োগ কৰাৰ লগতে শ্ৰমিক সকলে ক'ভিড প্ৰট'কল পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

কেৱল মাত্ৰ মুনাফা আদায় কৰাৰ বাবেই শ্ৰম বিভাগ, চৰকাৰ প্ৰশাসনক অন্ধকাৰত ৰাখি ঠিকাদাৰ জনে বিভাগীয় বিষয়াক মেনেজ কৰি বে-আইনী ভাৱে শিশু শ্ৰমিক নিয়োগ কৰিছে। সেয়েহে উক্ত পথত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details