অসম

assam

By

Published : Mar 15, 2019, 4:28 PM IST

ETV Bharat / state

ধেমাজিত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ আছুৰ

ধেমাজি-মাছখোৱা গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ

ধেমাজিত পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধেমাজি, 15 মাৰ্চ : গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ 1 কোটি টকাৰ ব্যয়সাপেক্ষে ধেমাজিৰ তেলিজান তিনিআলিৰ পৰা মাছখোৱা সংযোগী গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত হোৱা ব্যাপক অনিয়মৰ বাবেই নিৰ্মীয়মান অৱস্থাতেই জহি খহি গৈছে পথচোৱা ৷

ধেমাজিত পথ নিৰ্মাণত ব্যাপক অনিয়ম
গড়কাপ্তানি বিভাগৰ এনে নিম্নমানৰ কাৰ্যত ক্ষোভিত হৈ বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ ইপিনে আসন্ন লোকসভা নিৰ্বাচনত বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে মাথো বিজেপি চৰকাৰে এনে নিম্ন মানদণ্ডৰ কাম কৰিয়েই দায়িত্ব সামৰিছে বুলি অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details