ধেমাজি, 18 জুন :চৰকাৰী বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে টেবুলৰ তলেৰে উৎকোচ লোৱা হয়তো সকলোৱে শুনিছে । পিচে এইবাৰ সলনি একাংশ দুৰ্নীতিগ্ৰস্ত লোকে সকনি কৰিছে উৎকোচ লোৱাৰ কৌশল ৷ টেবুলৰ তলেৰে ধন লোৱাৰ কৌশল এখোপ ওপৰলৈ তুলি জনপ্ৰতিনিধিয়ে উৎকোচ বিচৰা ধন নাপায় দাবী ধমকি দি উকা কাগজত চহী কৰাই বলপূৰ্বকভাৱে আদায় কৰিলে হিতাধিকাৰী খেতি মাটি ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীয়ে ৷
অভিযোগ অনুসৰি, দুৰ্নীতিৰ নামত এই আজৱ ঘটনা সংঘটিত হৈছে ধেমাজিৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ পূৱ মাছখোৱা পঞ্চায়তৰ গোহাঁই বিলতীয়াৰ গাঁৱত । অভিযোগ মতে, গাঁওখনৰ ৱাৰ্ড সদস্যগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম বুলি দৰিদ্ৰ হিতাধিকাৰী পুনেশ্বৰ দিহিঙীয়া আৰু খগেন বুঢ়াগোহাঁই পৰা 10 হাজাৰ টকা কৈ দাবী কৰিছিল ৷ কিন্তু বিচৰা ধন দিব নোৱৰাত হিতাধিকাৰী পৰা মাটি বন্ধকত ল’বৰ বাবে উকা কাগজত চহী কৰাই লয় ৱাৰ্ড সদস্য দেৱজিৎ দত্তই ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীগৰাকীয়ে ৷