জোনাই,১২ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই সোচ্চাৰ নহওক কিয় একাংশ গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে কেৰেপেই নকৰে এতিয়া মুখ্যমন্ত্ৰীৰ কথা । ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনৰ চিমেনচাপৰি গাঁও পঞ্চায়ত দুখীয়া ৰাইজৰ বাবে আবন্টন হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰীয়ে ।
অভিযোগ অনুসৰি পঞ্চায়তখনৰ ৪ নং আৰু ৯ নং ৱাৰ্ডৰ মাছখোৱা গাঁও আৰু দোলাকাষৰীয়া গাঁৱৰ দিন হাজিৰা কৰা কেবাটাও দৰিদ্ৰ পৰিয়ালক PMAY ৰ গৃহ প্ৰদানৰ নামত ৱাৰ্ড সদস্য সোণাৰাম বড়ো আৰু জিতুমণি দুৱৰাই ৪০০০ হেজাৰৰ পৰা ৫০০০ হেজাৰ টকালৈ ধন সংগ্ৰহৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে । দাবী কৰা ধন নিদিলে PMAY ৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকিৰে একাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ পৰা কেইবা লক্ষাধিক টকা সংগ্ৰহৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পঞ্চায়তখনত ।