পবা সংৰক্ষিত বনাঞ্চলত দুৰ্নীতিৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই, 31 ডিচেম্বৰ: নিৰ্বনানীকৰণৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে সেউজীয়া বনানীকৰণত ৷ নিৰ্বনানীকৰণৰ ব্যাপক নাশকৰী প্ৰভাৱে গোটেই বিশ্বকে গো-গ্ৰাসে গিলিবলৈ লৈছে । সেয়েহে এই প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে বৃক্ষৰোপণ আৰু পুনৰ বনানীকৰণৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Tree planting and reforestation) ৷ এই কাৰ্যসূচীয়ে পৃথিৱীৰ সেউজীয়া আৱৰণখনক সকলো নাশকাৰী প্ৰভাৱৰ পৰা মুক্ত কৰাত যথেষ্ট সহায়ক হ’ব ।
নিৰ্বনানীকৰণৰ হৈছে সেউজীয়া অৰণ্য ধংসৰ প্ৰক্ৰিয়া । ১৯৩০ ৰ দশকত ভাৰতৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ অৰণ্যৰে আঁৱৰি আছিল । বৰ্তমান মুঠ মাটিকালিৰ ২০ শতাংশহে সেউজীয়া অৰণ্যঞ্চলেৰে আবৃত ।
উল্লেখ্য যে পৃথিৱীৰ সেউজীয়া আৱৰণৰ ৰক্ষাৰ্থে চৰকাৰে লোৱা পুনৰ বনানীকৰণো যেন সাফল্যমণ্ডিত হোৱাৰ দিশত আগবঢ়া নাই ৷ কাৰণ একাংশই বনানীকৰণৰ নামতো এতিয়া চলাই গৈছে ব্যাপক লুন্ঠন ৷ শেহতীয়াকৈ ধেমাজি জিলাত পোহৰলৈ আহিছে তেনে এক ঘটনা ৷ ধেমাজি জিলাৰ জোনাই মহকুমাত একমাত্ৰ বাচি থকা সংৰক্ষিত পবা বনাঞ্চলত গছপুলি ৰোপণৰ নামত সংঘটিত হৈছে ব্যাপক দুর্নীতি (Poba Reserve Forest) । পবা বনাঞ্চলত গছপুলি ৰোপণৰ নামত ঔটেঙা গছৰ ডাল কাটি সেইয়া গুজি থৈ কোনে লুঠিছে লাখ লাখ টকা ?
জানিব পৰা মতে, ধেমাজি জিলাৰ জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ লেকু বিটৰ অন্তৰ্গত লেকু নদীৰ পাৰত লখিমপুৰ সামাজিক বনানীকৰণ বিভাগে কেম্পা আঁচনিৰ অধীনত কৰ্মজ্যোতি ফাৰ্মৰ জৰিয়তে প্ৰায় ৫০ হেক্টৰ বনভূমিত ৰোপণ কৰিছিল গছপুলি । আচলতে গছপুলি নামতহে ৰোপণ হৈছিল ৷ কিন্তু কামত হ’লে ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ নামত অতি দুৰ্নীতিমূলক মনোভাৱেৰে ঔটেঙা গছৰ ডাল কাটি গুজি দিয়াত ডালবোৰ কিছুদিনৰ পিছতে শুকাই এতিয়া আছেগৈ জ্বলাব পৰা খৰিৰ অৱস্থাত (Corruption in Reforestation in Poba Reserve Forest) ৷
ইফালে পবা বনাঞ্চলত গছপুলি ৰোপণৰ নামত এনেদৰে কৰ্মজ্যোতি ফাৰ্মে (Karmajyoti Farm) সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জোনাইৰ বিভিন্ন দল-সংগঠন তথা প্ৰকৃতি প্ৰেমী ৰাইজ ৷ সেয়ে অসম চৰকাৰ তথা বন বিভাগৰ উৰ্ধতম কর্তৃপক্ষক বিষয়টোৰ ওপৰত তদন্ত কৰি কৰ্মজ্যোতি ফাৰ্মৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই (AJYCP) ৷
লগতে পঢ়ক:Health Center construction scam: নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি