জোনাই, 11 আগষ্ট : ৰাজ্যত এতিয়া শৰাধ বৈছে চৰকাৰী ধনৰ ৷ ৰাজ্য চৰকাৰে জন সাধাৰণৰ বাবে মুকলি কৰি গৈছে ইখনৰ পিছত সিখনকৈ চৰকাৰী আঁচনি ৷ কিন্তু সকলোবোৰ কথা জুকিয়াই চালে দেখা যায়, ৰাজ্যৰ অধিকাংশ হিতাধিকাৰীয়েই লাভ কৰা নাই বহু চৰকাৰী সা-সুবিধা ৷ একাংশ চৰকাৰী কৰ্মচাৰীৰ হেমাহিৰ বাবে এনে ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷
জোনাইত পথ নিৰ্মাণত দুৰ্নীতি শেহতীয়াকৈ জোনাইত এমজিএনৰেগা(MGNREGA) আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ জোনাইৰ কেমি জেলেম পঞ্চায়তৰ অন্তৰ্গত 3 নং মুৰ্কংচেলেঙৰ পৰা ৰে’লৱে ৰানিং ৰুমলৈ অহা-যোৱা কৰা পথচোৱা নিৰ্মাণত এই দুৰ্নীতি(Corruption) সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
এমজিএনৰেগা আঁচনিৰ অধীনত এই পথচোৱাত 7 লাখ 50 হাজাৰ টকা ব্যয়ৰে মেৰামতিৰ কাম চলি আছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, 20-30 টেক্টৰ মাটি পেলায়েই পথৰ মেৰামতিৰ কাম সামৰে ঠিকাদাৰে ৷ যাৰ ফলস্বৰূপে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে ৷
লগতে পঢ়ক :দুবছৰে সম্পূৰ্ণ নহ’ল চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম: অযুহাত ক’ভিড
উক্ত পথচোৱা উন্নয়নৰ নামত অহা এমজিএনৰেগা আঁচনিৰ ধন আত্মসাৎ কাৰ্যত পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই আঁচনিত ব্যৱহৃত জবকাৰ্ডৰ ধন বলপূৰ্বকভাৱে উলিয়াবলৈ দি পঞ্চায়ত কৰ্মচাৰীয়ে সংগ্ৰহ কৰা বুলি হিতাধিকাৰীসকলে জানিবলৈ দিয়ে ৷
নিৰ্বাচনৰ পূৰ্বে প্ৰতিবছৰে অঞ্চলটোত উপস্থিত হৈ পথচোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে জনপ্ৰতিনিধিয়ে ৷ নিৰ্বাচনৰ পাচত পথচোৱাৰ কাম আৰম্ভ কৰে ঠিকেই, সেই কামৰ তদৰক কৰিবলৈ অঞ্চলটোলৈ আৰু নাহে মন্ত্ৰী-বিধায়ক ৷ ইয়াৰ ফলস্বৰূপে নিৰ্মাণকাৰ্য আধৰুৱা হৈয়ে ৰয় পথচোৱাৰ ৷ পথ নিৰ্মাণত সংঘটিত এনে দুৰ্নীতিৰ বিৰুদ্ধে তদাৰক কৰি শীঘ্ৰে পথচোৱা উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ স্থানী ৰাইজে ৷
লগতে পঢ়ক :ধনৰ লোভত পৰি নিলম্বন হ’ল 7 গৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী