জোনাই,২৭ ডিচেম্বৰ:জল জীৱন আঁচনিৰ নামত ধেমাজি জিলাৰ জোনাইত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম । বগাহাতীলৈ ৰূপান্তৰ হৈছে পানী যোগান আঁচনি । জোনাই মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জোনাইৰ সীমান্তৱৰ্তী শিৱগুৰি গাঁৱৰ ৫৬ টা পৰিয়ালক খোৱাপানী যোগানৰ বাবে নিৰ্মীয়মান জল জীৱন মিছন আঁচনি আজি প্ৰায় এবছৰে পৰি ৰৈছে অৰ্ধনিৰ্মিত অৱস্থাত ।
ইয়াৰ বিপৰীতে ঠিকাদাৰে চৰম গাফিলতিৰে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাত নিৰ্মাণৰ কাম শেষ নহওঁতেই ফাট মেলা দেখা গৈছে পানী যোগান আঁচনিখনৰ বহু ঠাইত ৷ ইফালে ঠিকাদাৰে আঁচনিৰ সিংহভাগ ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ শিৱগুৰি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া অজিত চাৰহই সাংবাদিকক জনোৱা অনুসৰি শিৱগুৰি গাঁৱৰ জলজীৱন মিছনৰ পানী যোগান প্ৰকল্পৰ ভূগৰ্ভৰ পানী উত্তোলনৰ পাইপ প্রায় ১২০ ফুট গভীৰলৈ বহুৱাব লাগে যদিও ঠিকাদাৰে মাত্র ৪৫ ফুট গভীৰলৈকেহে পাইপ বহুওৱাত ওলাইছে আইৰনযুক্ত পানী ৷