জোনাই, ২০ জুলাই :ধেমাজি জিলাৰ জোনাইৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বহুকেইখন পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, চিলে পঞ্চায়তৰ কবু চাপৰিত MGNREGA আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকা ৰাজকোষৰ ধন আত্মসাৎ কৰিছে পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ ঠিকাদাৰে ৷ কবু চাপৰিৰ ২নং, ৩ নং ৱাৰ্ডত MGNREGA আঁচনি অধীনত ৰাস্তা নিৰ্মাণকে ধৰি কেইবাটাও কাম সম্পাদন কৰা হৈছিল ৷
কিন্তু সেই কামসমূহ আজিকোপতি সম্পূৰ্ণ নহ'ল ৷ কবু চাপৰিৰ ২ নং ৱাৰ্ডত ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে কৃষকসকলৰ বাবে ফাৰ্ম হাউচ নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু ফাৰ্ম হাউচটো নামমাত্ৰ নিৰ্মাণ কৰিয়ে ঠিকাদাৰে আৱণ্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
কবু চাপৰিত MGNREGA আঁচনি ৰূপায়নত ব্যাপক অনিয়ম একেদৰে প্ৰায় ৯ লাখ ব্যয় সাপেক্ষে নির্মাণ কৰা দুৰ্গা মন্দিৰৰ পৰা গণেশ মন্দিৰ সংযোগী পথটিও নামমাত্ৰহে নিৰ্মাণ কৰা হ'ল ৷ বালি-মাটিৰে পথটোৰ 100-150 মিটাৰ নিৰ্মাণ কৰি ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷ পথটো সম্পূৰ্ণকৈ নিৰ্মাণ নোহোৱাৰ বাবে এতিয়া কবু চাপৰিলৈ ৰাইজে নাওৰে যাবলৈ বাধ্য হৈছে ৷
লগতে MGNREGA আঁচনি অধীনত শ্ৰমৰ মূল্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ শ্ৰমিকে ৷ ইফালে, কবু চাপৰিত PMGSY ৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰটো সংঘটিত হৈছে ব্যাপক দুর্নীতি । কবু চাপৰিত বান-খহনীয়াত সকলো ফালৰ পৰা বিধ্বস্ত লোকসকলে আজিও এই আঁচনিৰ অধীনত চৰকাৰী সুবিধা লাভ কৰা নাই ৷ অঞ্চলটোৰ একাংশ ৰাইজে আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ দাবী জনাইছে বিভাগীয় কর্তৃপক্ষক ৷
লগতে পঢ়ক: মহানগৰীত ঈদৰ বতৰ কেনে ? এক বিশেষ প্ৰতিবেদন