ধেমাজি, 28 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়লৈ চালানবিহীন ভাৱে সামগ্ৰী কঢ়িওৱা গাড়ী স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখে ৷ অংগনবাদী কেন্দ্ৰসমূহত নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগত স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিলে গাড়ী কেইখন ৷
অভিযোগ অনুসৰি, ধেমাজি জিলা চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অৰাজকতাৰ অভিযোগ উখাপন হৈছিল ৷ অংগনবাদী কেন্দ্ৰসমূহত নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ ৷ সেয়ে অংগনবাডী কেন্দ্ৰলৈ অহা বিভিন্ন সামগ্ৰী ভৰ্তি ট্ৰাক স্থানীয় ৰাইজে চালানবিহীন বুলি অভিযোগ তুলি বৃহস্পতিবাৰে সামগ্ৰীসহ তিনিখন ট্ৰাক কাৰ্যালয়ৰ চৌহদতে আবদ্ধ কৰে স্থানীয় ৰাইজ আৰু দল সংগঠনৰ কৰ্মীয়ে ৷