জোনাই,8মে':ৰাজ্যত শেহতীয়া ক'ৰণা পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে জোনাই মহকুমাত প্ৰথমজন ক'ৰনা ৰোগীয়ে মৃত্যুক সাৱটি লয়। জানিব পৰা মতে,জোনাই আৰক্ষী থানাৰ অন্তৰ্গত জোনাই উদয়পুৰৰ ৬০ বছৰীয়া এগৰাকী মহিলাৰ শৰীৰত ২৫ এপ্ৰিলত ক'ভিড পৰীক্ষাত ক'ভিড প'জিটিভ ধৰা পৰাত চিকিৎসকে হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷ কিন্তু স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ২৭ এপ্ৰিলত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ কাৰণে পঠিয়াই দিয়া হৈছিল ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা ৭.০০ বজাত মহিলা গৰাকীৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা৹ কিশোৰ কামানে ৷
জোনাইত ক'ভিড19ত প্ৰথমজন ৰোগীৰ মৃত্যু - অসম চিকিৎসা মহাবিদ্যালয়
জোনাই মহকুমাত প্ৰথমজন ক'ৰনা ৰোগীৰ মৃত্যু । যোৱা 24 ঘণ্টাত জোনাইত ৫২ জনলৈ বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা ৷ উল্লেখ্য যে, জোনাইত প্ৰথম পৰ্যায়ত ১৩,৫৫৯ আৰু দ্বিতীয় পৰ্যায়ত ২৫৯০ গৰাকী মুঠ ১৬,১১০ জনক ক'ভিড ভেকচিন দিয়া হৈছে ৷
![জোনাইত ক'ভিড19ত প্ৰথমজন ৰোগীৰ মৃত্যু corona-cases-in-jonai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11684782-83-11684782-1620466170981.jpg)
ইপিনে জোনাই মহকুমাত শুকুৰবাৰে পুনৰ চাৰিজনৰ দেহত ধৰা পৰে ক'ভিড ৷ ক'ভিড ৰোগীকেইজন জোনাই ৰায়াঙৰ চাবিত্ৰী টামাং (৫৮), ডেকাপামৰ মহেশ্বৰী বসুমতাৰী(২৭),লক্ষী নেপালী বস্তিৰ বাদল শ্বাহ আৰু চুমিত্ৰা মহন্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে,জোনাইৰ ১নং চুনাপুৰ, ৩নং ৰাজাখানা, ৰামধন দিখাৰী, ডেকাপাম আনু দলুং, জোনাই উদয়পুৰ, ৰুৱাদ দলুং, কবু চাপৰি, লক্ষী নেপালী বস্তি আদি গাঁৱতো ব্য়াপক ৰূপত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ যোৱা 24 ঘণ্টাত জোনাইত ৫২ জনলৈ বৃদ্ধি পাইছে ক'ভিড ৰোগী ৷ উল্লেখ্য যে, জোনাইত প্ৰথম পৰ্যায়ত ১৩,৫৫৯গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ২৫৯০ গৰাকীকে ধৰি মুঠ ১৬,১১০ গৰাকী লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক:দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন