অসম

assam

ETV Bharat / state

lower Subansiri Hydroelectric Project : পুনৰ খহিছে এনএইচপিচিৰ বান্ধ, ভয়ংকৰ ভৱিষ্যতক লৈ উদ্বিগ্ন AJYCP - protest against NHPC dam

পুনৰ খহিছে NHPC-ৰ বান্ধ (NHPC dam collapses) । ভৱিষ্যতে প্ৰকল্পটোৱে ভয়ংকৰ দুৰ্যোগ নমাই অনাৰ আশংকা । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাৰ ।

NHPC
NHPC

By

Published : Apr 4, 2023, 7:00 AM IST

Updated : Apr 4, 2023, 7:56 AM IST

লখিমপুৰ-ধেমাজি-মাজুলীলৈ বিপদ মাতি পুনৰ খহিছে NHPCৰ বান্ধ

জোনাই, ৩ এপ্ৰিল :বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পুনৰ বিপদ মাতিছে সমীপৱৰ্তী ৰাইজলৈ (controversial lower Subansiri Hydroelectric Project) । প্ৰকল্পটোৰ কাষৰীয়া পাহাৰত ভয়ংকৰ ভূমিস্খলন । যোৱা কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ মূল বান্ধৰ কাষত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (landslide at Subansiri NHPC project) ।

দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নিৰ্মীয়মাণ প্ৰকল্পটোৰ পৰা অদূৰ ভবিষ্যতে ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰি শতাধিক দল-সংগঠন তথা ৰাইজে লখিমপুৰ-ধেমাজিত দশকৰো অধিক কাল প্ৰতিবাদ, আন্দোলন কৰি আহিছে (protest against NHPC dam) । পিছে ভূমিকম্পৰ কথা বাদেই, এতিয়া এজাক বৰষুণতে প্ৰকল্পটোৱে দুৰ্যোগ নমাই আনিছে । সেয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাই (AJYCP react on NHPC dam collapse) ।

তেওঁ কয়, এই প্ৰকল্পটোৱে ভৱিষ্যতে ভয়ংকৰ দুৰ্যোগ নমাই আনিব । লগতে কয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৫ টা ৱাটাৰ টাৰ্নেলৰ দুটা ইতিমধ্যে যোৱা বছৰ বাৰিষাতে বহি যোৱাৰ ফলত এই বৰ্ষৰ বাৰিষাত অত্যধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ উল্লেখ্য, দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নিৰ্মীয়মাণ প্ৰকল্পটোৰ পৰা অদূৰ ভৱিষ্যতে ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰি শতাধিক দল-সংগঠন তথা ৰাইজে লখিমপুৰ ধেমাজিত দশকৰো অধিক কাল প্ৰতিবাদ, আন্দোলন কৰি আহিছে । পিছে ভূমিকম্পৰ কথা বাদেই, এতিয়া এজাক বৰষুণতে প্ৰকল্পটোৱে দুৰ্যোগ নমাই আনিছে ৷

লক্ষণীয়ভাৱে ৰাইজৰ দাবী আৰু প্ৰতিবাদক আওকাণ কৰি চৰকাৰে বলপূর্বকভাৱে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । খুব সোনকালেই প্ৰকল্পটোৰ দুটা গোটৰ উৎপাদন আৰম্ভ হ'ব । এনে সময়ত প্ৰকল্পটোত সংঘটিত এই ভূমিস্খলনৰ ঘটনাই ভৱিষ্যতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে । আনহাতে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছতে যেন সম্পূৰ্ণ উভতগোৰে নাচিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাবোৰে ৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে আৰু অসমৰ ৰাইজক নিঃশেষ কৰি কেৱল বহুজাতিক কোম্পানীৰ স্বাৰ্থত হাজাৰ হাজাৰ কোটি টকাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীৰ ৷ আনহাতে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী, হঠকাৰী নীতিক যুৱ ছাত্ৰ পৰিষদে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ সাজু আছে আৰু ইয়াৰ বিষম পৰিণতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলিও তেওঁ সকীয়নি দিয়ে ৷

লগতে পঢ়ক :AJYCP protest: মূল্য়বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত AJYCP ৰ প্ৰতিবাদ

Last Updated : Apr 4, 2023, 7:56 AM IST

ABOUT THE AUTHOR

...view details