অসম

assam

By

Published : Mar 22, 2022, 8:32 PM IST

ETV Bharat / state

Jiyadhal river embankment: ধেমাজিত ৫০ কোটি টকাৰ ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ আৰম্ভ

ধেমাজিৰ চকুলোখ্যাত জীয়াধল নদীৰ প্ৰায় ৮ কিলোমিটাৰ উন্মুক্ত অংশত আৰম্ভ হ’ল মথাউৰি নিৰ্মাণকাৰ্য (Jiyadhal river embankment) ৷ ৫০ কোটি টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠিত কোম্পানীৰ দ্বাৰা নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে ৷

Jiyadhal river embankment
ধেমাজিত ৫০ কোটি ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ আৰম্ভ

ধেমাজি, 22 মাৰ্চ: ধেমাজিৰ চকুলো খ্যাত জীয়াধল নদীৰ মহা প্লাৱনে সুদীৰ্ঘ কেইবাটাও দশক ধৰি ধেমাজিবাসীক জ্বলা-ক'লা খুৱাই অহাৰ বিপৰীতে জীয়াধল মথাউৰিৰ বাঁওপাৰৰ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ 2007 চনত ছিঙি নিয়ে ৷ সেই তেতিয়াৰ পৰা সুদীৰ্ঘ ১৫ বছৰে উক্ত অংশ সম্পূৰ্ণকৈ উন্মুক্ত হৈ থকাত জীয়াধল নদীৰ বান সেই উন্মুক্ত অংশৰে সোমাই এক প্ৰকাৰে তচনচ কৰি পেলাইছিল ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত ৮ পঞ্চায়তৰ অৰ্দ্ধ শতাধিক গাঁও ৷

ধেমাজিত ৫০ কোটি ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ আৰম্ভ

ইপিনে এই উন্মুক্ত ৮ কিলোমিটাৰ অংশত মথাউৰি নিৰ্মাণৰ বাবে ধেমাজিবাসীয়ে অসম চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী জনাই আহিছিল যদিও তিলমাত্ৰও কাণসাৰ দিয়া নাছিল অসম চৰকাৰৰ উপৰি ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে ৷ অৱশেষত ধেমাজিত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে জীয়াধল নদীৰ এই উন্মুক্ত অংশ বন্ধ কৰাৰ বাবে মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যাৰ ফলত ৰাজ্য চৰকাৰৰ SOPD FDR শিতানৰ ৫০ কোটি ব্যয় সাপেক্ষে প্ৰতিষ্ঠিত বহুজাতিক কোম্পানী FLEXI TAP VANTURE INTERNATIONAL COMPANY য়ে যোৱা ৯ মাৰ্চৰ পৰা ধেমাজি টেকজুৰিত জীয়াধলৰ বুকুত বাহৰ পাতি উক্ত ৮ কিলোমিটাৰ ভগ্ন মঠাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে (Jiyadhal river embankment)৷

বহু চৰ্চিত উন্নত প্ৰযুক্তিৰে নিৰ্মান কৰা এই মথাউৰিটোৱে আগন্তুক বাৰিষাত ধেমাজিবাসীক কিমান সুৰক্ষিত কৰিব পাৰিব সেয়া পৰৱতী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ

ABOUT THE AUTHOR

...view details