জোনাই, ২৫ জুলাই:ৰাজ্য়ত অস্বাভাৱিকভাৱে হোৱা মূল্যবৃদ্ধিৰ জুয়ে দহিছে সৰ্বসাধাৰণ ৰাইজক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত ৰাইজ কোঙা হোৱাৰ পিচতো কাণসাৰ নাই চৰকাৰ অথবা যোগান বিভাগৰ । ফলত বিভিন্ন দল- সংগঠনে নিতৌ প্ৰতিবাদ সাব্যস্ত কৰিছে । দেশৰ লগতে সমগ্ৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ আন ঠাইৰ সমান্তৰালকৈ মঙলবাৰে জোনাইতো মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ সহযোগত উলিওৱা হয় এক প্ৰতিবাদী ৰেলী ।
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনতাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি যোগান মন্ত্ৰীক অতি শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰে । তদুপৰি আজি প্ৰায় তিনিমাহ ধৰি মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত ১০০ তকৈও অধিক নিৰীহ জনতাৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি ৰাজপথত পেৰেড উলিওৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি মণিপুৰত হৈ থকা গোষ্ঠী সংঘৰ্ষৰ মীমাংসাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি প্ৰতিবাদকাৰীসকলে সমালোচনা কৰে ।