ধেমাজি , 6 জুলাইঃধেমাজি জিলা কংগ্ৰেছ উদ্যোগত পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ৷
সমগ্ৰ ৰাজ্যতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠে বিভিন্ন দল সংগঠন ৷ ঠিক একেদৰে সোমবাৰে ধেমাজি জিলা কংগ্ৰেছ উদ্যোগত পেট্ৰ'ল - ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি তেলিজানৰ পৰা ধেমাজি নগৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজেৰে আঢ়ৈ কিল'মিটাৰ জোৰা পথছোৱাত সভাপতি ৰিপুণ বৰাই ঘোৰা গাড়ীত উঠি প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধি ৰোধ কৰক , বিজেপি চৰকাৰ হুছিয়াৰ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পথছোৱা ।