জোনাই, 3 আগষ্ট:সমগ্ৰ ৰাজ্যতে সোমবাৰে কংগ্ৰেছ দলে ৰূপায়ন কৰিছে "প্ৰতাৰণা দিৱস" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৷ জোনাইৰ মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ উদ্যোগতো একেটা দিনতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হ'ল ৷ বিজেপি চৰকাৰে বান সাহায্যৰ নামত অসমক দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ নকৰাৰ অভিযোগত, এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি পালন কৰিলে কংগ্ৰেছ দলে ৷
জোনাইত মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ "প্ৰতাৰণা দিৱস"
যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এনএচইউআইৰ লগতে, আন আন শাখা সংগঠনৰ সহযোগত সোমবাৰে জোনাইৰ মূৰ্কংচেলেক ব্লক কংগ্ৰেছে "প্ৰতাৰণা দিৱস" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি তাতেই সীমাবদ্ধ হৈ থাকিল বুলি মন্তব্য কৰে ক্ষোভিত প্ৰতিবাদকাৰী সকলে ৷ যাৰ বাবে আজি ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে কংগ্ৰেছ দলে ৷ জোনাইৰ মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ উদ্যোগত, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এনএচইউআইৰ লগতে, আন আন শাখা সংগঠনৰ সহযোগত জোনাই বজাৰত কংগ্ৰেছ দলে পালন কৰিলে এই চৰকাৰ বিৰোধী "প্ৰতাৰণা দিৱস ৷" চৰকাৰ বিৰোধী ভিন্ন শ্লোগান ধ্বনিত কৰি দলটোৰ কৰ্মকৰ্তা সকলে উত্তাল কৰি তুলিলে জোনাই চহৰ ৷