অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে জোনাই কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ ৷

Congress Protest Agains Govt At Jonai
মূল্যবৃদ্ধিঃ তীব্ৰ প্ৰতিবাদ জোনাই কংগ্ৰেছ কমিটিৰ

By

Published : Jul 4, 2020, 8:36 PM IST

জোনাই,4 জুলাইঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাই কংগ্ৰেছ কমিটিৰ দলীয় সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে মূল্যবৃ্দ্ধি ৰোধ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷

মূল্যবৃদ্ধিঃ তীব্ৰ প্ৰতিবাদ জোনাই কংগ্ৰেছ কমিটিৰ

সমগ্ৰ ৰাজ্যৰ লগতে জোনাইতো শনিবাৰে মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ মুৰ্কংচেলেক ব্লক কমিটিৰ অস্থায়ী কাৰ্যালয়ত শতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অ এন জি চি ব্যক্তিগতকৰণ বন্ধ কৰক, আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে বৰ্তমান মিত্ৰজোট চৰকাৰ খনে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ লগতে সকলো দিশতেই ব্যৰ্থ হোৱা বুলি তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, এই ধৰ্ণা কাৰ্য্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুশীল পেগুৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে পেট্ৰল ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ৷ ৰাজ্য জুৰি কৰ'ণাৰ মহামাৰী আৰু বানে সংহাৰী ৰূপ লোৱাৰ সময়তে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ৷ সেই কাৰণে কংগ্ৰেছ দলে চৰকাৰক এই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী লোৱা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত জোনাই ৰাজহ চক্ৰ বিষয়াৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- প্ৰশাসনে জাৰি কৰিলে নতুন লক্ ডাউন নীতি

ABOUT THE AUTHOR

...view details