ধেমাজি, 28 ডিচেম্বৰ: সোমবাৰে ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত ধেমাজি নগৰ, বৰদলনি, মাছখোৱা, চিচিবৰগাঁও, চিলাপথাৰ নগৰ সমিতিৰ সহযোগত ধেমাজি জিলা কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত এখন বিশেষ দলীয় সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোঁহাইয়ে আঁত ধৰা সভাখনত উপস্থিত থাকে নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটীৰ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সম্পাদক তথা ছত্তিশগড়ৰ বিধায়ক বিকাশ উপাধ্যায়, সাংসদ ৰাণী নৰহকে ধৰি বহু দলীয় কৰ্মকৰ্তা ৷
ধেমাজিত কংগ্ৰেছৰ দলীয় সভা - ধেমাজি
নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সম্পাদকৰ আৰু ছত্তিশগড়ৰ বিধায়ক বিকাশ উপাধ্যায়, সাংসদ ৰাণী নৰহৰ উপস্থিতিত সোমবাৰে ধেমাজি জিলা কংগ্ৰেছ কাৰ্যালয়ত এখন দলীয় সভা অনুষ্ঠিত হয় ৷
সভাত অংশগ্ৰহণ কৰি শাসনাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে সাংগঠনিক সম্পাদক গৰাকী ৷ ভাৰতীয় জনতা পাৰ্টীয়ে দেশখন নিশেষ কৰা কামত আত্মনিয়োগ কৰিছে, যি কথা জনতাৰ বোধগম্য হোৱা নাই বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ সেইদৰে অজন্তা নেওগৰ প্ৰসংগত তেওঁ কয়, অজন্তা নেওগ কংগ্ৰেছৰ পৰা গুচি গ'লেও কংগ্ৰেছৰ দলত কোনো প্ৰভাৱ নপৰে ৷ একেদৰে সাংসদ ৰাণী নৰহেও অজন্তা নেওগৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰে ৷
লগতে পঢ়ক:লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতিৰ শৰীৰত ক'ভিড-19ৰ অৱস্থিতি