অসম

assam

ETV Bharat / state

৫০ লাখটকীয়া মথাউৰিৰ CBI তদন্তৰ দাবী ৰিপুণ বৰাৰ

মথাউৰি নিৰ্মাণৰ নামত সম্পূৰ্ণ লুন্ঠনৰাজ চলিছে বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ সেয়ে, ইয়াৰ ওপৰত উচিত তদন্তৰ দাবী তোলে সভাপতিগৰাকীয়ে ৷ লগতে কাৰ ভুলৰ বাবে ৰাইজে এনে দূৰ্দশাৰ সন্মুখীন হ'ব লগা হৈছে কোন বিষয়া, কোন মন্ত্ৰী, কোন বিধায়ক ইয়াৰ বাবে দায়ী বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ লগতে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৫০ লাখ টকীয়া মথাউৰি সন্দৰ্ভত চিবিআই তদন্তৰ দাবী জনাই নেতাগৰাকীয়ে ৷

Jonai flood
ৰিপুণ বৰা

By

Published : Jul 7, 2020, 7:40 PM IST

জোনাই, 7 জুলাইঃচিয়াং নদীৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ৷ সোমবাৰে সন্ধিয়া জোনাই বেৰাচাপৰিৰ বানক্ৰান্ত অঞ্চলত উপস্থিত হৈ চিয়াং নদীয়ে বিধ্বস্ত কৰা মথাউৰি পৰিদৰ্শন কৰে ৷ মথাউৰিত শিবিৰ পাতি আশ্ৰয় লোৱা বন্যাৰ্তৰ সৈতে মতবিনিময় কৰি কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে কয় যে, জোনাইৰ বেৰাচাপৰি অঞ্চলত লালী-চিয়াং নদীৰ সংযোগস্থলত বিগত বছৰেই মথাউৰি চিঙাৰ ফলত ৰাইজে এই দুৰ্দশা ভুগি আহিছে ৷ সেই সময়তে জোনাইৰ স্থানীয় বিধায়ক আৰু সংসদে স্থায়ীভাৱে বান বান্ধি দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিসকলে বান বিধ্বস্ত অঞ্চলত কোনো স্থয়ী কাম নকৰিলে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, প্ৰতিশ্ৰুতি ৰাখিবৰ বাবে ৰাইজৰ আগত চলিত বৰ্ষৰ বাৰিষাৰ আগমণৰ আগত এপ্ৰিল মাহৰ পৰা MGNREGA অধীনত ৫০ লাখ টকীয়া মথাউৰি আৰম্ভ কৰে ৷ কেৱল কেইখনমান ট্ৰেক্টৰেৰে মাটি পেলাই পথ নিৰ্মাণৰ কাম সামৰে ৷ গতিকে সেই কথা স্পষ্ট যে, এইটো মথাউৰি নিৰ্মাণৰ নামত সম্পূৰ্ণ লুন্ঠনৰাজ চলিছে বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ সেয়ে, ইয়াৰ ওপৰত উচিত তদন্তৰ দাবী তোলে সভাপতিগৰাকীয়ে ৷ লগতে কাৰ ভুলৰ বাবে ৰাইজে এনে দুৰ্দশাৰ সন্মুখীন হ'ব লগা হৈছে ? কোন বিষয়া, কোন মন্ত্ৰী, কোন বিধায়ক ইয়াৰবাবে দায়ী বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ লগতে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৫০ লাখ টকীয়া মথাউৰি সন্দৰ্ভত চিবিআই তদন্তৰ দাবী জনাই নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ সীমান্তত পথ নিৰ্মান সন্দৰ্ভত ৰাজনাথ সিঙৰ পৰ্যালোচনা বৈঠক

বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ মানুহৰ খেতি পথাৰ সম্পূৰ্ণ পানীৰ তলত ৷ গতিকে যেতিয়ালৈকে চৰকাৰে মথাউৰি নিৰ্মাণ কৰি স্থায়ী সমাধান নকৰে তেতিয়ালৈ বানাক্ৰান্তক ৰেচনৰ দায়িত্ব লোৱা, মাটিৰ খাজনা ৰেহাই দিয়া , জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱা পানীৰ যোগান ব্যৱস্থা , চৰকাৰে বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে এবছৰলৈ পশুধনৰ খাদ্য যোগান ধৰিব লাগে বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ বহু মানুহৰ ঘৰদুৱাৰ বানত উঠি গৈছে সেইয়ে চৰকাৰে চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে আৰ্থিক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক ওচৰত লিখিতভাৱে দাবী জনাব বুলি বানাক্ৰান্ত ৰাইজৰ ওচৰত আশ্বাস দিয়ে ৰিপুন বৰাই ৷

ৰিপুণ বৰা

জনপ্ৰতিনিধি নেতা পালিনেতাসকলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও চিয়াং লালী নদীৰ গঢ়াখহনীয়াৰ অজি পৰ্যন্ত স্থায়ী সমাধানৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ কেৱল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহি সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে বুলি জোনাই মহকুমাৰ বেৰাচাপৰিৰ বানপীড়িত ৰাইজে কংগ্ৰেছৰ সভাপতিগৰাকীৰ ওচৰত ক্ষোভ উজাৰে ৷

ABOUT THE AUTHOR

...view details