অসম

assam

ETV Bharat / state

জোনাইত কংগ্ৰেছ প্ৰাৰ্থীৰ ডঃ হেম হৰি পেগুৰ প্ৰচাৰ অভিযান

দেওবাৰে জোনাইত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ড৹ হেম হৰি পেগুৱে প্ৰচাৰ অভিযান চলায় ৷ এই সভাতেই অৰ্ধ শতাধিক টিএমপিকে আৰু বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিব পৰা গৈছে ৷

By

Published : Mar 15, 2021, 8:50 AM IST

জোনাইত কংগ্ৰেছ প্ৰাৰ্থীৰ ডঃ হেম হৰি পেগুৰ প্ৰচাৰ অভিযান
জোনাইত কংগ্ৰেছ প্ৰাৰ্থীৰ ডঃ হেম হৰি পেগুৰ প্ৰচাৰ অভিযান

জোনাই,15মাৰ্চ: জোনাই সমষ্টিত কংগ্ৰেছ দলে ভোটাৰৰ মন জয় কৰিবলৈ আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ বিধান সভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত জোনাইত কংগ্ৰেছৰ দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে মূর্কংচেলেক ব্লক কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ড৹ হেম হৰি পেগুৱে কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ জোনাইৰ অসম অৰুণাচল সীমান্ত কেমি জেলম পঞ্চায়তৰ মূর্কংচেলেক ব্লক কংগ্ৰেছৰ অন্তৰ্গত কমি, ঐৰাম ঘাট, চিৰোং, ৰিগবি, বাহিৰ চিলে, বাহিৰ জোনাই আৰু ৩ নং মূর্কংচেলেক গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷

জোনাইত কংগ্ৰেছ প্ৰাৰ্থীৰ ডঃ হেম হৰি পেগুৰ প্ৰচাৰ অভিযান

জোনাইত দেওবাৰে প্ৰথম পৰ্যায়ৰ কংগ্ৰেছৰ প্ৰচাৰ অভিযানত জোনাইৰ প্ৰাক্তন টি এম পি কেৰ সভাপতি ৰাহুল পেগুৰ নেতৃত্বত অৰ্ধ শতাধিক টিএমপিকে আৰু বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷ দেওবাৰে অৰ্ধ শতাধিক টিএমপিকে কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে ডা৹ হেম হৰি পেগুৱে কয় যে, ''আমাৰ মিচিং জাতিৰ কাৰনে চিন্তা কৰি অহা বৰ্তমানৰ জোনাই সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন পেগুৱে মিচিং ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ নিজৰ আঞ্চলিক দল গঠন কৰি নিজৰ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাটো নিশ্চয় তেখেতৰ স্বাৰ্থ জড়িত হৈ আছে ৷ '' দেওবাৰে সমষ্টিটোৰ অৰ্ধ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিব পৰা গৈছে ৷

অন্য এক খবৰৰ বাবে: এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা

ABOUT THE AUTHOR

...view details