অসম

assam

ETV Bharat / state

মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ অভিনন্দন ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ - ধেমাজিবাসীয়ে লাভ কৰিলে এজন মন্ত্ৰী

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ধেমাজিবাসীয়ে লাভ কৰিলে এজন মন্ত্ৰী ৷ ইয়াকে লৈ উৎফুল্লিত ধেমাজিবাসী ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰা ১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ অভিনন্দন ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ।

congratulation to Ronuj pegu
মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ অভিনন্দন ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

By

Published : May 12, 2021, 10:49 AM IST

ধেমাজি, ১২ মে': 13 গৰাকী কেবিনেট মন্ত্ৰীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই সোমবাৰে শপত লোৱাৰ পাছতে চৰ্চালৈ আহিছিল কোনে কি দপ্তৰ লাভ কৰিব । শেহতীয়াকৈ ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ চূড়ান্ত তালিকা । সেই অনুসৰি, ডাঃ ৰণোজ পেগুৱে শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন (বিটিচিৰ বাহিৰৰ) দপ্তৰ চম্ভালিব । ইয়াকে লৈ ধেমাজিবাসীৰ মন উৎফুল্লিত হৈ পৰিছে । কিয়নো দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ধেমাজিবাসীয়ে লাভ কৰিলে এজন মন্ত্ৰী ৷

ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব দেৱৰ নেতৃত্বত গঠন হোৱা অসমৰ নতুন চৰকাৰখনলৈ সদৌ অসম ধেমাজি জিলা প্রশাসন কৰ্মচাৰী সন্থাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । লগতে ধেমাজি সমষ্টিৰ পৰা বিজয়ী বিজেপি দলৰ বিধায়ক তথা বৰ্তমান অসম কেবিনেটত স্থান লাভ কৰা ডাঃ ৰণোজ পেগুক সদৌ অসম ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।

অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে হাতত লোৱা উপায়ুক্ত কাৰ্যালয়ৰ অন্তৰ্গত সকলো আঁচনিৰ সফল ৰূপায়ণৰ বাবে অনাগত দিনত সন্থাই সকলো ধৰণৰ পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি সন্থাটোৱে কয় । তদুপৰি বৰ্তমান সময়ত ত্রাসৰ সৃষ্টি কৰা ক'ভিড-১৯ মহামাৰী নিৰ্মূল কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱাৰ উপৰিও অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তথা সদৌ অসম জিলা প্রশাসন কৰ্মচাৰী সন্থাৰ বহুদিনীয়া ন্যায্য দাবী পূৰণৰ ক্ষেত্ৰত ৰণোজ পেগুৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সন্থাটোৱে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া

ABOUT THE AUTHOR

...view details