জোনাই, ৫ মাৰ্চ : ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হৈ যায় সন্মিলিত গণশক্তি অসমৰ বিশাল অধিৱেশন ৷ সমধিকাৰ, সমমৰ্যাদা আৰু সম উন্নয়নক মূলমন্ত্ৰ হিচাপে লৈ ২০০৫ বৰ্ষত গঠিত সন্মিলিত গণশক্তিৰ ৰবিবাৰে এক বিশাল অধিৱেশন চিলাপথাৰত অনুষ্ঠিত হয় । চিলাপথাৰ দঃঞি পঃল সাংস্কৃতিক প্ৰকল্পত সন্মিলিত গণশক্তিৰ পঞ্চম আৰু ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তিৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় (Conference of Sanmilita gana shakti asom) ।
সমাগত নিৰ্বাচনৰ পূৰ্বে সৰ্বস্তৰৰ কৰ্মীক একত্ৰ কৰি অধিক সৱলীকৰণ কৰাৰ মানসেৰে আয়োজন কৰা এই অধিৱেশনত একেখন মঞ্চতে উপস্থিত হ’ল বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ লোকে ৷ অধিৱেশনত দলটোৰ সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে সাম্প্ৰতিক সময়ত ল'ব লগা বহু গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হয় ।
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ পুৱা গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গণশক্তিৰ চিচি ব্লক কাৰ্যকৰী সভাপতি ৰমা বৰুৱা আৰু নাৰী শক্তিৰ কেন্দ্ৰীয় উপ সভানেত্ৰী গুণ চুতীয়াই । ব্লক সভাপতি গোপাল চুতীয়াই পতাকা উত্তোলনৰ পিচতে শ্বহীদ তৰ্পণ কৰে ব্লক সম্পাদক ভাস্কৰ চুতীয়াই । ধেমাজি জিলা পৰিষদৰ সদস্য মোহন গগৈয়ে উদ্বোধন কৰা প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে এম এ চিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম ।