অসম

assam

ধেমাজীৰ বোমা বিস্ফোৰণৰ ছহিদসকললৈ আছুৰ শ্ৰদ্ধাঞ্জলী

By

Published : Aug 17, 2019, 4:34 AM IST

সন্ত্ৰাসবাদ নিপাত যাওঁক ধ্বনিৰে মুখৰিত ছহীদ স্তম্ভৰ বাকৰি ৷ 2004 চনত ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন কৰি ছহিদলসকললৈ শ্ৰদ্ধাঞ্জলী আছুৰ ৷

dhemaji bomb blast news

ধেমাজি, ১৭ আগষ্টঃ দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজীত সংঘটিত বোমা বিস্ফোৰণ কাণ্ডত নিহতসকললৈ শ্ৰদ্ধাঞ্জলী সদৌ অসম ছাত্ৰ সন্থাৰ । শুকুৰবাৰে সন্ধিয়া নিহতসকলৰ স্মৃতিত ছহিদ স্তম্ভৰ প্ৰতিমুৰ্ত্তিত বন্তী প্ৰজ্বালন কৰি নিহতসকলৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰে সংগঠনটোৱে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰে ধেমাজী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে স্থানীয় লোকসকলে । প্ৰতিবছৰে ১৬ আগষ্ট দিনটোত এইদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হোৱাৰ সংকল্প লৈ আহিছে ধেমাজী বাসীয়ে ।

ধেমাজীৰ বোমা বিস্ফোৰণৰ ছহিদসকললৈ আছুৰ শ্ৰদ্ধাঞ্জলী

২০০৪ চনত দেশৰ ৫৮তম্ স্বাধীনতা দিৱসত ধেমাজিত সংঘটিত হৈছিল দেশ কপাঁই যোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ড । সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল দহোটি কন কন দেৱশিশু আৰু তিনিগৰাকীকৈ মহিলাৰ ৷ লগতে, গুৰুত্বভাৱে আহত হৈছিল প্ৰায় ২১ গৰাকীকৈ লোক ৷ ইফালে, শেহতীয়াকৈ ন্যায়ালয় ঘোষণা কৰা ৰায়দানক লৈ সংগঠনটোৰ প্ৰতিক্ৰিয়া, ৰায়দানক লৈ আশ্বস্ত নহয় আছু ৷ এই ঘটনাৰ বাবে CBI তদন্তৰ প্ৰয়োজন ৷ এই ঘটনাৰ লগত যদি কোনো উচ্চ পৰ্যায়ৰ লোক জড়িত আছে উচ্চস্তৰীয় তদন্তৰ দ্বাৰা প্ৰতিগৰাকী দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা দাবী জনায় সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details