অসম

assam

By

Published : Oct 22, 2020, 10:09 AM IST

Updated : Oct 22, 2020, 3:12 PM IST

ETV Bharat / state

অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ধেমাজিত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ ৷ চমৰাজান পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে বুধবাৰে লিখিত অভিযোগ দাখিল সন্মিলিত যুৱ বিকাশ অসমৰ ৷ শীঘ্ৰেই প্ৰকৃত হিতাধিকাৰীক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান সংগঠনটোৰ ৷

complain letter against Arunodoi Scheme in Dhemaji
অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ধেমাজি,22 অক্টোবৰ : ধেমাজিত অৰুণোদয় আঁচনিত বানাক্ৰান্ত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ ৷ অভিযোগ অনুসৰি,এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াতো গেৰুৱাকৰণ কৰিবলৈ উঠি-পৰি লাগিছে একাংশই ৷ ছমাহ পানীৰ সৈতে সহাৱস্থান কৰা চমৰাজান পঞ্চায়তৰ অন্তৰ্গত বহু দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালক অৰুণোদয় আঁচনিত বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ইফালে এই সন্দৰ্ভত সন্মিলিত যুৱ বিকাশ অসম নামৰ সংগঠনটোৱে বুধবাৰে চমৰাজান পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে ৷ প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীৰ নাম এই আঁচনিৰ তালিকাত অন্তভুৰ্ক্ত নকৰিলে পৰৱৰ্তী সময়ত বঞ্চিত ৰাইজৰ সৈতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰিবলৈ কুণ্ঠাবোধ নকৰিব ৷ সংগঠনটোৰ সভাপতি হিটলাৰ শইকীয়াই এই মন্তব্য আগবঢ়ায় ৷

অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

লগতে পঢ়ক :ডিমৌ নৈত সমূহীয়া মৎস্য চিকাৰ ৰাইজৰ

Last Updated : Oct 22, 2020, 3:12 PM IST

ABOUT THE AUTHOR

...view details