অসম

assam

By

Published : Jun 14, 2019, 10:02 AM IST

Updated : Jun 14, 2019, 11:05 AM IST

ETV Bharat / state

লাখটকীয়াত লাখৰ সপোন কাৰ ?

পশ্চিম ধেমাজিৰ ঘুগুহাৰ লাখটকীয়া দলনি পথাৰত গোমধানৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে উদ্যমী কৃষকে । অঞ্চলটোৰ উদ্যমী যুৱক সুনীল গগৈৰ নেতৃত্বত বাৰগৰাকী যুৱকে মাটি লীজত লৈ গোমধানৰ খেতি কৰিছে ।

ETV BHARAT

ধেমাজি , 14, জুন : এসময়ত জীয়াঢলৰ প্ৰলংকৰী বানে চন পেলাই থৈ যোৱাৰ মাটিত ঠন ধৰি উঠিছে কৃষকৰ সেউজীয়া সপোন । পশ্চিম ধেমাজিৰ ঘুগুহাৰ লাখটকীয়া দলনি পথাৰত গোমধানৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে উদ্যমী কৃষকে । অঞ্চলটোৰ উদ্যমী যুৱক সুনীল গগৈৰ নেতৃত্বত বাৰগৰাকী যুৱকে মাটি লীজত লৈ গোমধানৰ খেতি কৰিছে । চল্লিশ বিঘা আবাদী ভূমিত গোমধানৰ খেতি কৰি এতিয়া প্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰিছে কৃষকসকল । কিয়নো অতি সোনকালেই বজাৰলৈ উলিয়াই দিব এই পূৰঠ গোমধানসমুহ । কৃষক সুনীল গগৈয়ে জনোৱা মতে কৃষি বিভাগটোৱে ভাল সঁচ নিদিয়াৰ বাবে কম উৎপাদন হৈছে যদিও কম খৰচত অধিক উৎপাদন পাবলৈ সক্ষম হৈছে । পৰৱৰ্তী সময়ত 200 বিঘা ভূমিত এই খেতি কৰি লাভান্বাৱিত হোৱাৰ পৰিকল্পনা । সাম্প্ৰতিক সময়ত বহি:ৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা নিবনুৱাসকলক ঘৰতে থাকি বতৰৰ খেতি কৰি সুন্দৰ উপাৰ্জনেৰে স্বাৱলম্বী হ’বলৈ আহ্বান জনালে আন এজন কৃষকে ৷

গোমধানৰ খেতিৰে সপোন ৰছিচে ধেমাজিৰ কৃষকে
Last Updated : Jun 14, 2019, 11:05 AM IST

ABOUT THE AUTHOR

...view details