অসম

assam

ETV Bharat / state

জোনাই গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ - ছেনিটাইজ

চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ২০১৯-২০ বৰ্ষৰ দ্বিতীয় কিস্তিৰ পুঁজিৰে ক'ভিড-১৯ প্ৰতিৰোধ ব্যৱস্থা বাবে জোনাই গাওঁ পঞ্চায়ত এলেকাত ছেনিটাইজ কাৰ্যসূচীৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ পঞ্চায়ত অফিচৰ পৰা ছেনিটাইজ কাৰ্যসূচী আৰম্ভ কৰি মুৰ্কংচেলেক ব্লক, জোনাই চক্ৰ বিষয়া কাৰ্যালয়, জোনাই থানাত লগতে সমগ্ৰ জোনাই বজাৰ দোকান সমূহত ছেনিটাইজ কৰা হয় ।

Commendable step of Jonai Gaon Panchayat
জোনাই গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Aug 13, 2020, 10:46 PM IST

জোনাই ,13আগষ্টঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জোনাইবাসীক ৰক্ষা কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ জোনাই গাওঁ পঞ্চায়তৰ। বুধবাৰে জোনাই পঞ্চায়তৰ একাংশ কৰ্মচাৰীয়ে জোনাইৰ বিভিন্ন স্থানত ছেনিটাইজ কাৰ্যসূচী ৰূপায়ণ কৰে । চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ২০১৯-২০ বৰ্ষৰ দ্বিতীয় কিস্তিৰ পুঁজিৰে ক'ভিড-১৯ প্ৰতিৰোধ ব্যৱস্থা বাবে জোনাই গাওঁ পঞ্চায়ত এলেকাত ছেনিটাইজ কাৰ্যসূচীৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

জোনাই গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ

পঞ্চায়ত অফিচৰ পৰা ছেনিটাইজ কাৰ্যসূচী আৰম্ভ কৰি মুৰ্কংচেলেক ব্লক, জোনাই চক্ৰ বিষয়া কাৰ্যালয়, জোনাই থানাত লগতে সমগ্ৰ জোনাই বজাৰ দোকান সমূহত ছেনিটাইজ কৰা হয় । এই কাৰ্যত জোনাই গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মা, উপ সভাপতি পূৰ্নিমা পাতিৰ টায়ে, পঞ্চায়ত সচিব মইনা পেগু, জ্যোতি কুলি, ৱাৰ্ড সদস্য নিপেন মেদক, ইন্দিৰা কুম্বাং, নৰেন কুটুম, দেবানন্দ বড়ি, জ্যোতি মিলি, হেম ছেত্ৰী, গুনকান্ত পেগু, বিনোদন দলে, দিব্য বড়ি, ৰানী দলে, সবিতা দলে আদি বিষয়া-কৰ্মচাৰী উপস্থিত থাকে । ইয়াৰ উপৰি কেৱল বাট-পথেই নহয়, অফিচৰ চকী-টেবুল পৰ্যন্ত ছেনিটাইজ কৰা হয় । ইয়াৰ দ্বাৰা কিছু পৰিমাণে হ’লেও ক'ৰণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি মন্তব্য কৰে জোনাই গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বড়িয়ে ৷

লগতে পঢ়কঃস্বতন্ত্ৰতা দিৱসৰ বাবে পূৰ্ণগতিত ভাৰতীয় সেনাৰ অনুশীলন

ABOUT THE AUTHOR

...view details