অসম

assam

ETV Bharat / state

জয় কৃষ্ণগুৰু ধ্বনিৰে মুখৰিত ধেমাজিৰ কাছাৰী ময়দান - আধ্যাত্মিক দিশ

ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে অন্তিম দিনা সমবেত হ'ল অগণন ভক্ত ৷ শাৰদীয় উৎসৱমুখৰ পৰিবেশৰ মাজতে অন্তিম দিনা পুৱাই এক শোভাযাত্ৰা উলিওৱা হয় ৷ কৃষ্ণগুৰুৰ অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল ৷

কৃষ্ণগুৰুৰ অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Oct 4, 2019, 6:17 PM IST

ধেমাজি, ৪ অক্টোবৰঃ ভক্তিৰসত নিমজ্জিত হ'ল ধেমাজি কাছাৰী ময়দান ৷ প্ৰতিকূল বতৰতো জয় কৃষ্ণগুৰু ধ্বনিৰে মুখৰিত ধেমাজি কাছাৰী ময়দান । ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে অন্তিম দিনা সমবেত হ'ল অগণন ভক্ত ৷ শাৰদীয় উৎসৱমুখৰ পৰিবেশৰ মাজতে অন্তিম দিনা পুৱাই এক শোভাযাত্ৰা উলিওৱা হয় ৷ ইয়াৰ পাছতেই বিয়লি ২ বজাত মুকলি সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সহ সাংস্কৃতিক মন্ত্ৰী নৱ দলে, বিধায়ক ৰিতুপৰ্ণ বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগু ৷

কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন

এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে আধ্যাত্মিক দিশত গুৰুজনাই পথৰ সন্ধান দি গৈছে, লগতে যি শিক্ষা প্ৰদান কৰি গৈছে ইয়াৰ ফলত উঠি অহা প্ৰজন্মই নিজৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উত্তম সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৷ ইপিনে অচিৰেই মাজুলী-নিমাতি ঘাট, ঢকুৱাখনা-দিচাংমুখ আৰু গহপুৰ-নুমলীগড় নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কথা সদৰি কৰে মুখ্যমন্ত্ৰীগাৰীকয়ে ৷

ABOUT THE AUTHOR

...view details