ধেমাজী ১৬ এপ্ৰিল : লক ডাউনৰ সময় ছোৱাত কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্যখনৰ প্ৰতিখন জিলা কেনেদৰে প্ৰস্তুতি চলাইছে এই বিষয়ে বুজ ল'বৰ বাবে বৃস্পতিবাৰে আবেলি ধেমাজিত উপস্থিত হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ধেমাজি ষ্টেডিয়ামত হেলিকেপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে ধেমাজি উপায়ুক্ত কাৰ্যালয়লৈ আহে ।
অসমত কােনাে ভোকত থাকিব নালাগে : সৰ্বানন্দ সোণোৱাল - ধেমাজি আৰু জোনাইৰ বিধায়কদ্বয়
বৃস্পতিবাৰে আবেলি ধেমাজিত উপস্থিত হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ধেমাজি ষ্টেডিয়ামত হেলিকেপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে ধেমাজি উপায়ুক্ত কাৰ্যালয়লৈ আহে ।

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাক্ষত ধেমাজি জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,ধেমাজি আৰু জোনাইৰ বিধায়কদ্বয় আৰু মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত কৰণা ভাইৰাছৰ প্ৰতিৰোধৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভোকত থাকিব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা কৰিছে । কৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলাই জিলাই জনসাধাৰণৰ সুৰক্ষিত কৰাৰ প্ৰয়াস কৰিছে ।
এই ৰোগক প্ৰত্যাহ্বান জনোৱাৰ বাবে স্বাস্থ্য বিভাগে সকলো প্ৰস্তুতি কৰিছে । আৰু কয় যে এই সময়ত অত্যাৱশ্যকীয় সামগ্ৰী যাতে কোনেও বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি দিবলৈ জিলা প্ৰশাসনক নিদেশ দিছে আৰু কোনোবাই এই সামগ্ৰী আত্মসাৎ কৰিলে কঠোৰ ব্যৱস্থাগ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাবাসীক আস্বস্ত কৰি কয় যে আঠ লক্ষাধিক লোকে বাস কৰা ধেমাজি জিলা জনসাধাৰণক আগন্তুক দিনকেইটাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি মন্ত্ৰীগৰাকীক ইতিমধ্যে ধেমাজি জিলা প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰিছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢক :পুনৰ অখিল গগৈৰ বিৰুদ্ধে NIA আদালতত গোচৰ ৰুজু