ধেমাজি, 21 জুন :আন্তঃৰাষ্ট্ৰীয়যোগ দিৱসৰ উপলক্ষে ধেমাজিৰ জিলাৰ গোগামুখত এটা অতিথিশালা, ৰিৰ্চাজ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাচতে তেওঁ কয়, সমষ্টিটোক আকৰ্ষিত কৰিব পৰা কৈ প্ৰতিজন বিধায়কে একোখন আঁচনি দিয়া হৈছিল ৷ সেই অনুসৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এটা অতিথিশালা, ৰিৰ্চাছ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লৈছিল বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
"এবছৰ-দুবছৰৰ ভিতৰত গোগামুখ অঞ্চলটো কৰ্ম যজ্ঞ অঞ্চল হিচাপে পৰিচিত হ'ব ৷ ৰণোজ পেগুৰ নেতৃত্বত ধেমাজিৰ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা কৰা হৈছে ৷ প্ৰতিটো স্বায়ত্ত শাসিত পৰিষদৰ জনগোষ্ঠীয় বিকাশ আৰু প্ৰতিটো স্বায়ত্ত শাসিত পৰিদষদৰ ভূ-খণ্ডৰ বিকাশ এই দুয়োটাকে একেলগ কৰি উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাত গুৰুত্ব আৰোপ কৰা হৈছে ৷" এই দৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷
উল্লেখ্য যে, যোগ দিৱসৰ উপলক্ষে ধেমাজি জিলা ভ্ৰমণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰা উদ্দেশ্যে দেওবাৰে ধেমাজিত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী ৷