জোনাই, 28 ডিচেম্বৰ :25-26 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইত অনুষ্ঠিত হৈছিল পাঁচ জাতীয় মিচিং সংগঠনৰ অধিৱেশন (General meeting of five miching organization) ৷ সোমবাৰে এই অধিৱেশনৰ সফল সামৰণি পৰে ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল এই সাধাৰণ অধিৱেশন ৷
এই অধিৱেশনখনত মুঠ 1,397 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । পাঁচটাকৈ জাতীয় সংগঠনৰ জোনাই জিলা সমিতিৰ অন্তৰ্গত ষোল্লখন আঞ্চলিক সমিতিৰ পৰা দহজনকৈ প্ৰতিনিধি, সংগঠনৰ পঞ্জীয়নভুক্ত 177 খন গাঁৱৰ পৰা এজনকৈ প্ৰতিনিধি, জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ গোটৰ পৰা দুজন প্ৰতিনিধি, জিলা বিষয়ববীয়া, সদস্য, কেন্দ্ৰীয় প্ৰতিনিধিৰ লগতে সংগঠনৰ প্ৰাক্তন সতীর্থ উপস্থিত থকা এই অনুষ্ঠানত প্ৰথম দিনৰ কাৰ্যসূচীমতে পুৱা 10.30 বজাত প্ৰতিনিধি সভাকক্ষৰ দ্বাৰা মুকলি কৰা হয় ৷
ইয়াৰ পাছতেই 10.40 বজাত প্ৰার্থনা সভা আৰু 11 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ দ্বিতীয় দিনা পুৱা পাঁচটা জাতীয় সংগঠনৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণেৰে কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছতে 10.30 বজাত 'অসমৰ জনজাতিসকলৰ ভূমিৰ অধিকাৰ' শীর্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ এই আলোচনা চক্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ।