ধেমাজি, 6 নৱেম্বৰঃ পূৰ্বতকৈ এইবাৰ বতৰৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ ফলত বিপাঙত পৰিছে ধেমাজিৰ খেতিয়কসকল ৷ কাৰণ বহু কৃষকে ৰবি শস্যৰ জৰিয়তে বছৰটোৰ বাবে উপাৰ্জন কৰে ৷ আৰু সেউ ধনেৰে পৰিয়াল পোহপাল দি আহিছে ৷ কিন্তু এইবাৰ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ধেমাজিৰ কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
বতৰ পৰিৱৰ্তনঃ বিপাঙত ধেমাজিৰ খেতিয়ক - DHEMAJI FSRMERS NBEWS
বতৰৰ ওপৰত নিৰ্ভৰ কৰি আহিছে কৃষকসকলৰ ভৱিষ্যত তথা কৃষি কাৰ্য ৷ কিন্তু বতৰৰ পৰিৱৰ্তনে এই বাৰ কৃষকসকলক বিপাঙত পেলাইছে ৷ যাৰবাবে এতিয়া চিন্তাত পৰিছে ধেমাজিক কৃষকসকল ৷
বতৰৰ পৰিৱৰ্তনৰ বাবে অক্টোবৰ মাহৰ পৰা নৱেম্বৰলৈকে বাৰী আৰু পথাৰসমূহ সম্পূৰ্ণ নুশুকোৱাৰ ফলত পলমকৈ আৰম্ভ কৰিছে ৰবিশস্য ৷ উল্লেখ্য যে বানপানীৰ বাবে কেৱল ৰবি শস্যৰ ওপৰতে নিৰ্ভৰ কৰি অহা ধেমাজিৰ কাইটং অঞ্চলৰ কঢ়া নদীৰ পাৰত হেমন্ত বৰুৱা, দুৰ্গেশ্বৰ বৰুৱা, ভূপেন আদি খেতিয়ক সকলৰ পৰিয়ালসমূহে শেহতীয়াকৈ কঢ়া নদীৰ পথাৰত আৰম্ভ কৰিছে আলু,সৰিয়হ,লাই,মূলা,কবি আদি ৰবি শস্যৰ ৷ কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত পলমকৈ আৰম্ভ কৰিবলগা হৈছে ৰবি খেতি সমূহ, যাৰ ফলত ভৱা মতে ফল আশা নকৰিব বুলি শংকা প্ৰকাশ কৰিছে খেতিয়কসকলে ৷
লগতে চাওকঃ বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব : হাগ্ৰামা মহিলাৰী