ধেমাজি, 30 আগষ্ট :2014 বৰ্ষত আৰম্ভ কৰা স্বচ্ছ ভাৰত আঁচনি বৰ্তমান যেন ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো ধেমাজিৰ প্ৰান্তে প্ৰান্তে এতিয়া আৱৰ্জনাৰ দ'ম । নগৰখনৰ চাৰিআলিৰ ৰাজহুৱা শৌচাগাৰৰ সন্মুখত, নগৰ 1 নং দৈনিক বজাৰৰ সন্মুখত, চাৰিআলিৰ পৰা ধেমাজি ষ্টেচন ৰোডলৈ যোৱা ধেমাজি পৌৰসভা কাৰ্যালয়ৰ সমীপৰ পথৰ দাতিত বৰ্তমান দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
আনফালে, ধেমাজি নগৰৰ 1 নং ৱাৰ্ডৰ আৱৰ্জনাৰ পাহাৰ তথা অস্বাস্থ্যকৰ পৰিৱেশক লৈ শংকিত হৈ পৰিছে চহৰখনৰ সচেতন মহল । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ঘৰুৱা আৱৰ্জনা সমূহ উক্ত স্থানত পেলোৱাৰ বাবে স্থানীয় ৰাইজে কদৰ্যময় পৰিৱেশত থাকিব লগা হৈছে । যাৰবাবে তীব্ৰ ভাবুকি আহিছে অঞ্চলটোৰ জনস্বাস্থ্যলৈ । ইতিমধ্যে, সাপ্তাহিক বজাৰৰ একাংশ দোকান-গৃহ আৱৰ্জনাই পুতি পেলোৱাৰ লগতে বজাৰৰ কাষেৰে যোৱা পথটোও আৱৰ্জনাই পুতি পেলোৱাত বৰ্তমান যাতায়তত ব্যাঘাত জন্মিছে বুলি স্থানীয় লোকে মন্তব্য কৰিছে ৷