জোনাই, 10 আগষ্ট: জোনাইৰ বিজ্ঞান মহাবিদ্যালয়ত পুৱা ৯.২০ বজাৰ লগে লগে বাজি উঠে অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”(National Anthem of Assam O Mur Apunar Dekh) ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু প্ৰতিদিনে মহাবিদ্যালয়ত উপস্থিত থাকি নিজৰ তত্বাৱধানত বজাই জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” অথবা “হাম হংগে কামিয়াব” ৷ মহাবিদ্যালয়ত এই জাতীয় সংগীত বাজি উঠাৰ লগে লগে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলো ঠিয় হয় আৰু তেওঁলোক সেই সময়ত য’তে থাকে তাতে ৰৈ যায় আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷
মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে জানিবলৈ দিয়া অনুসৰি ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়চেতনা আৰু জাতীয়তাবাদ গঢ় দিয়াৰ মানসেৰে হাতত লোৱা হৈছে এই পদক্ষেপ ৷ তেওঁ কয় যে, মহাবিদ্যালয়ত সকলো জাতীয়-জনজাতীয় তথা বিভিন্ন ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে ৷ গতিকে শিক্ষানুষ্ঠানৰ স্থান মন্দিৰ মজিদতকৈও উৰ্ধত ৷ সেয়ে নিজৰ জাতীয় সংগীতেৰে সকলোকে উদ্ধুত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷