জোনাই ৮ জুলাইঃ জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিগত দুই তিনিদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা চিয়াং নদীৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে কবু চাপৰি, বেৰা চাপৰিৰ তাৰি বেংগলী ৰাভা কাঠনি,সোণোৱাল কাঠনি গাঁৱকে ধৰি কেবাখনো গাঁও ৷ ক্ৰমান্বয়ে বাঢ়ি অহা চিয়াংৰ পানীত প্লাৱিত হৈছে ন ন অঞ্চল ৷ ইতিমধ্যেই বহুলোকে ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে পশুধন সহ ৷ বাঢ়নী পানীত ডুব গৈছে কেবাখনো গাঁৱৰ ঘৰ বাৰী আৰু কৃষি ভূমি ৷
ধেমাজিত চিয়াং নৈৰ সংহাৰী ৰূপঃ আতংকিত ৰাইজ - ETV BHARAT ASDSAM
জোনাইত বহু পৰিয়ালৰ বেৰাচাপৰি মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে ৷ চিয়াং নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি অহাত মথাউৰিৰ প্ৰতিও নামি আহিছে ভাবুকি ৷ খাদ্য সংকটত পশুধন ৷
আনহাতে চিয়াংৰ বাঢ়নী পানীয়ে খাদ্য সংকট নমাই আনিছে পশুধনলৈ ৷ চিয়াং নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ, বহু পৰিয়ালে ঘৰবাৰী এৰি বেৰাচাপৰি আশ্ৰয় লৈছে। ইফালে বেৰা চাপৰিৰ চিয়াং নদীৰ কাষত থকা বালি মাটিৰে নিৰ্মিত মথাউৰীটোও যিকোনো মুহূৰ্ততে ছিঙি যোৱাৰ আশংকা দেখা দিছে ৷ নিশাৰ ভাগলৈ যদি বৰষুণ হয় তেনেহ'লে চিয়াংৰ বাঢ়নী পানীয়ে মথাউৰিটো চিঙি নিয়াৰ সম্ভাৱনা প্ৰৱল ৷ মথাউৰিটো যদি চিঙি যায় তেনেহ'লে ৩০ খনতকৈও অধিক গাঁও জলমগ্ন হোৱাৰ লগতে বহিঃ বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব ৷