জোনাই, 14 ছেপ্তেম্বৰঃসোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৷ ইতিমধ্যেই এই নৱ গঠিত দলটোৰ সাংগঠনিক কাম-কাজ নিৰীক্ষণৰ বাবে আগতীয়াকৈয়ে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদয় লৈছে আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ সোমবাৰে জোনাই টাউন ক্লাৱত প্ৰাক্তন উপ-সভাপতিগৰাকীৰ বাবে আয়োজন কৰা হয় এক ৰাজহুৱা বিদায় সভা ৷ এই সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,বড়ো ছাত্ৰ সন্থা,জোনাই প্ৰেছ ক্লাৱ,গৰিয়া মৰিয়া পৰিষদ আদি কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায় দল-সংগঠনৰ - চিত্তৰঞ্জন বসুমতাৰী বাতৰি
জোনাইত আছুৰ প্ৰাক্তন উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীৰ বাবে অনুষ্ঠিত কৰা হয় ৰাজহুৱা বিদয় সভা ৷ সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,বড়ো ছাত্ৰ সন্থা,জোনাই প্ৰেছ ক্লাৱ,গৰিয়া মৰিয়া পৰিষদ আদি কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
![জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায় দল-সংগঠনৰ Chittaranjan Basumatary farewell meeting at Jonai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8797532-thumbnail-3x2-j.jpg)
জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায় দল-সংগঠনৰ
জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায়
আনহাতে, সাংবাদিকৰে হোৱা মত বিনিময়ত চিত্তৰঞ্জন বসুমতাৰীয়ে কয় সুদীৰ্ঘ 22 বছৰ সদৌ অসম ছাত্ৰ সন্থাৰে জড়িত হৈ থাকি ধেমাজিবাসী ৰাইজৰ বাবে মাত মাতি আহিছো আৰু অনাগত দিনতো মাত মাতি যাম ৷ আছুৰ পৰা আনুষ্ঠানিক অব্যাহতি গ্ৰহণ কৰিলেও ভৱিষ্যতলৈয়ো এই সংগ্ৰাম অব্যাহত ৰাখিম ৷