অসম

assam

ETV Bharat / state

এক আৱেগিক পৰিৱেশৰ মাজেৰে আছু এৰিলে চিত্ৰৰঞ্জন বসুমতাৰীয়ে

২০২১ চনৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ দিশে আগবাঢ়িছে বহু সংখ্যক জাতীয়তাবাদী নেতা ৷ শনিবাৰে আছুৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ জনপ্ৰিয় নেতাগৰাকীৰ বিদায় বেলাত উচুপি উঠিল ছাত্ৰ সন্থাৰ সতীৰ্থসকল ৷

Chitta Ranjan Basumatary resigned from the position of vice president
এক আৱেগিক পৰিৱেশৰ মাজেৰে আছু এৰিলে চিত্ৰৰঞ্জন বসুমতাৰীয়ে

By

Published : Sep 13, 2020, 12:32 PM IST

ধেমাজী, 13 ছেপ্তেম্বৰঃ বৃহৎ নদীবান্ধ, গৰাখহনীয়া, বান সমস্যাৰ বিৰুদ্ধে তথা কা আন্দোলনৰ এগৰাকী বলিষ্ঠ যোদ্ধা সদৌ অসম ছাত্র সন্থাৰ অন্যতম উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে আছুৰ সন্মানীয় উপসভাপতি পদৰ পৰা পদত্যাগ কৰিলে । আছু, যুৱছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'বলগা নতুন ৰাজনৈতিক দলটোৰ হৈ নিৰ্বাচন খেলাৰ বাবেই মন মেলিছে আছুৰ উপসভাপতি গৰাকীয়ে ।

আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'ব লগা নতুন দলৰ ধেমাজি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে চিত্তৰঞ্জন বসুমতাৰীৰ । শনিবাৰে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত অন্তিমবাৰৰ বাবে সংগঠনৰ হৈ বন্তি প্ৰজ্বলন কৰি সংগঠনৰ মজিয়াৰ পৰা বিদায় লয় বসুমতাৰীয়ে ৷

এক আৱেগিক পৰিৱেশৰ মাজেৰে আছু এৰিলে চিত্ৰৰঞ্জন বসুমতাৰীয়ে

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত চিত্ৰৰঞ্জন বসুমতাৰীৰ আছে এক দীঘলীয় ইতিহাস ৷ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা জিলা সমিতিলৈ প্ৰতিনিধিত্ব কৰি ২০০৫ বৰ্ষত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক আৰু ২০০৮ ত সভাপতিৰ পদ অলংকৃত কৰিছিল বসুমতাৰীয়ে । কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পৰা সদৌ অসম ছাত্র সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক আৰু পৰবৰ্তী সময়ত উপসভাপতি দায়িত্ব লাভ কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে ।

সুদীৰ্ঘ 22 বছৰ ছাত্ৰ সংগঠনোৰ মজিয়াত থাকি বলিষ্ঠ কন্ঠৰে মাতমাতি যোৱা বসুমতাৰীয়ে অনাগত দিনটো জাতিৰ হকে মাত মাতি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদানৰ সিদ্ধান্ত লোৱা নাই যদিও আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰি যাব বুলি মত প্ৰকাশ কৰে বসুমতাৰীয়ে ৷

ABOUT THE AUTHOR

...view details