ধেমাজি, 6 মে' : কৰ'ণা ভাইৰাছৰ বাবে বিধস্ত হৈছে দেশৰ অৰ্থনীতি ৷ লক্ ডাউনৰ সময়ত দেশৰ অৰ্থনীতি টনকিয়াল কৰা গ্ৰামাঞ্চলৰ কৃষক সকল বৰ্তমান সৰ্বস্বান্ত হৈ পৰিছে ৷ উপযুক্ত বজাৰ তথা যাতায়তৰ অভাৱত খেতি পথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি ৷
ধেমাজি জিলাৰ পিছপৰা অঞ্চল চিৰিপানি গৰৈমাৰী গাঁৱৰ কৃষক সকলে বিগত দুবছৰ ধৰি ভোট জলকীয়া খেতিৰ জৰিয়তে স্বাৱলম্বীতাৰ বাট মুকলি কৰি আহিছে ৷ অঞ্চলটোৰ উদ্যমী খেতিয়ক পূৰ্ণ গগৈ ,ৰঞ্জিত কটকী , নৰেন কলিতা , জান্তিমনি কলিতা , বাবুল গগৈ , তিলো গগৈ , ইন্দুৰানী গগৈ আদিকে ধৰি বহু কেইটা পৰিয়ালে জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে বাছি লৈছিল ভোট জলকীয়াৰ খেতি ৷ কিন্তু লক্ ডাউনৰ বাবে বজাৰৰ অভাৱত জলকীয়া বিক্ৰী কৰিব নোৱাৰি খেতি পথাৰতে নষ্ট হৈছে তেওঁলোকৰ উৎপাদিত জলকীয়া ৷