ধেমাজি, 5 ডিচেম্বৰঃ আগন্তুক ২৬ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ। এই সমাৰোহৰ আয়োজন সম্পৰ্কত বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে আদৰণি সমিতিয়ে ৷ সমিতিখনৰ সম্পাদক নৱজ্যেতি দত্তই কয়,সমাৰোহত অসমৰ ২৪ খন জিলাৰ ১০০টা শাখাৰ পৰা ৪০০০ হেজাৰ শিশু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।
আনহাতে,অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শিশু সমাৰাহোত মুঠ ৩৩ লাখ টকা বাজেট ধাৰ্য কৰা হৈছিল যদিও বৰ্তমান ২৫ লাখ টকাৰে কাম সম্পূৰ্ণ কৰাৰ কথা সদৰী কৰে সমিতিখনে। ইতিমধ্যে ১৫ টা শিবিৰ ব্যৱস্থা কৰিছে ২২ খন উপসমিতিয়ে। লগতে ৩০০ পৃষ্ঠাজোৰা আটক ধুনীয়া এখন স্মৃতি গ্ৰন্থৰ কামো কৰি থকা বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷