জোনাই ১৬ ডিচেম্বৰ :লাইমেকুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত লাইমেকুৰী কৃষ্টি ভৱন প্ৰাংগনত বিশেষ শিশু গাওঁসভা সম্পন্ন ৷ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত লাইমেকুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত বহনক্ষম উন্নয়নৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে লাইমেকুৰী কৃষ্টি ভৱনৰ প্ৰাংগনত এখন বিশেষ শিশু গাওঁ সভা অনুষ্ঠিত কৰা হয় ( Children’s Special Gaon Sabha in Jonai) । লাইমেকুৰী গাওঁ পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিশু গাওঁ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে লাইমেকুৰী গাওঁ পঞ্চায়তৰ সচিব স্বপ্নৰঞ্জন ময়েঙীয়াই ।
সভাত পৰ্যবেক্ষক হিচাপে ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ ধেমাজি জিলাৰ পৰিকল্পনা আৰু পৰ্যবেক্ষণ বিষয়া কামাখ্যা বৰুৱাই কয় যে শিশু সকল আমাৰ ভৱিষ্যত । সেয়ে শিশু সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰীভাৱে আঁচনি প্ৰস্তুত কৰিবলৈ শিশু সকলৰ বাবে আয়োজন কৰা হৈছে এই শিশু গাওঁসভাৰ ৷
শিশুসকলে প্ৰাত্যাহিক জীৱন যাত্ৰাত সন্মুখীন হৈ অহা সমস্যা-সুবিধা-অসুবিধা আদি বিভিন্ন বিষয় উত্থাপন কৰিবলৈ এনে ধৰণৰ শিশু গাওঁ সভা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰি শিশু সকলে উত্থাপন কৰা বিষয়বোৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন প্ৰকল্পৰ আওতাত অন্তৰ্গত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে কামাখ্যা বৰুৱাই । অনুষ্ঠানত গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ সঞ্চালক লুইত গোস্বামীয়ে কয় যে, পিছপৰা, অনগ্ৰসৰ অঞ্চলৰ শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্য আগত ৰাখি গাওঁ পঞ্চায়তৰ সভাসমূহত শিশুসকলৰ অংশগ্ৰহণৰ উদ্দেশ্যৰে এনেধৰণৰ গাওঁসভাৰ আয়োজন কৰা হৈছে ৷ শিশুসকলে সভাত উত্থাপন কৰা সমস্যাবোৰ গাওঁ পঞ্চায়ত উন্নয়ন প্ৰকল্প আঁচনিত অন্তৰ্ভুক্ত কৰি ইয়াৰ ৰূপায়ণৰ ব্যৱস্থা হাতত ল'বলৈ শিশু গাওঁসভাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে গোস্বামীয়ে ৷