অসম

assam

ETV Bharat / state

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল ৰাজ্য

উল্লেখ্য যে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে অসমত শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰাৰ বাবে ধাৰাবাহিক আন্দোলন সাব্যস্ত কৰাৰ পিচত ২০০৭ চনত চৰকাৰে এই অইনখন বলৱৎ কৰিছিল ।

শ্ৰমিক ইউনিয়ন

By

Published : Nov 12, 2019, 12:39 AM IST

নিউজ ডেস্ক, 11 নৱেম্বৰঃমোদী চৰকাৰৰ"শ্ৰমিক বিৰোধী নীতি"বন্ধ কৰাৰ দাবীত সোমবাৰে উত্তাল হৈ পৰিল ৰাজ্য ৷ কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন ৷ ৰাজ্যখনৰ ৰাজধানী চহৰত সোমবাৰে শ্ৰমিক কল্যাণ আইন বাহাল ৰখাৰ লগতে মূল্যবৃদ্ধি আৰু দেশৰ অন্যান্য সমস্যা সমাধানৰ দাবী জনায় সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে । কেন্দ্ৰ চৰকাৰে গৃহ আৰু অন্যান্য শ্ৰমিক কল্যাণ আইনসমূহ অন্য কেইবাখনো শ্ৰমিক কল্যাণ আইনৰ সৈতে সংলগ্ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী ক্লাৱত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে দেশত অভাৱনীয়ভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰো দাবী জনায় ।

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন

একেদৰে ধেমাজিৰ ৰাজপথটো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা সমিতিয়ে । সমিতিখনৰ দুই শতাধিক পুৰষ মহিলা প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ধেমাজি জিলা কঁপাই তোলে ৷ উল্লেখ্য যে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে অসমত শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰাৰ বাবে ধাৰাবাহিক আন্দোলন সাব্যস্ত কৰাৰ পিচত ২০০৭ চনত চৰকাৰে এই অইনখন বলবৎ কৰিছিল ।

For All Latest Updates

ABOUT THE AUTHOR

...view details