অসম

assam

By

Published : Aug 25, 2020, 9:03 PM IST

ETV Bharat / state

ধেমাজিত বৰ্নাত্য আৰু আৰক্ষীৰ মাজত হতাহতিঃ আৰক্ষীলৈ চোঁচা প্ৰতিবাদকাৰীৰ

আজি কেইবাহাজাৰ বৰ্নাত্যই চিমেন চাপৰিৰ চৰকাৰী ভূমিত সংস্থাপনৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ চিমেন চাপৰিৰ অইল তিনি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা আৰক্ষীয়ে বাধা দিবলৈ যাওঁতে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ চোঁচা লৈ হতাহতিত লিপ্ত হয়। আনহাতে ,ঘটনাটোত মহিলা আৰক্ষীৰ লগতে কেবাগৰাকী আৰক্ষী আহত হোৱাৰ উপৰি এখন আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰি পেলায় প্ৰতিবাদকাৰীসকলে।

Casualties between protesters and police at Dhemaji
ধেমাজিত বৰ্নাত্য আৰু আৰক্ষীৰ মাজত হতাহতিঃ আৰক্ষীলৈ চোঁচা প্ৰতিবাদকাৰীৰ

জোনাই,25আগষ্টঃ ধেমাজি জিলাৰ চিমেন চাপৰিত চৰকাৰী ভূমি বেদখলৰ ঘটনাৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ১৯ আগষ্টৰ পৰা চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটি বেদখলৰ বাবে জোনাই ৰাজহ চক্ৰৰ গালী চিকাৰী গাওঁ পঞ্চায়তৰ গালীঘাট অঞ্চলৰ জীয়াঢল, মুনিমুনি কুটুম, দেবেৰা, গালীঘাট মাছখোৱা, বেলং,মুদৈ আদি গাঁৱৰ শতাধিক বৰ্নাত্য পৰিয়ালে হাবি বন চাফা কৰি ত্ৰিপালৰে শিবিৰ স্থাপন কৰি থাকিবলৈ লোৱাৰ পাছত প্ৰতিদিনেই গালী চিকাৰী আৰু লাইমেকুৰী গাওঁ পঞ্চায়তৰ বৰং অঞ্চলৰ বুঢ়ীসূঁতি, তিনিসূঁতি, চৰাইবাৰী, কৃঞ্চপুৰ মিচিং,মধ্যপুৰ, মুক্তিয়াৰ,পিপ'লগুৰী, মদাৰগুৰী, তেলীজান আদি বানপীড়িত গাওঁ সমূহৰ পৰা চিমেন চাপৰি চৰকাৰী ভূমি বেদখলৰ বাবে সোঁত বয়।

ধেমাজিত বৰ্নাত্য আৰু আৰক্ষীৰ মাজত হতাহতিঃ আৰক্ষীলৈ চোঁচা প্ৰতিবাদকাৰীৰ

জানিব পৰা মতে,চিমেন চাপৰিৰ চৰকাৰী ভূমিত বানাক্ৰান্ত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিছে বুলি ৰাইজৰ মাজত তীব্ৰ গতিত খবৰ বিয়পি পৰাৰ লগে লগে লাইমেকুৰী গাওঁ পঞ্চায়তৰ চৰ চাপৰি অঞ্চল মেচাকি চাপৰিৰ মিলনপুৰ, মুকলি পথাৰ, লামাজান, চিঙ্গাপুৰ, মোহনামুখ গোৱালা, মোহনামুখ বড়ো,বুঢ়িয়া চাপৰি, আন' চাপৰি, কয়লাআলি, ৰুমৈ ৰুমৈ, বৰ্মণ চেন্টাৰ, দদেৰে আদি বানপীড়িত গাওঁ সমূহৰ পৰাও শ শ বৰ্নাত্য পৰিয়ালে চৰকাৰী ভূমি বেদখলৰ বাবে ঢাপলি মেলে চিমেন চাপৰিলৈ ৷ ইয়াৰোপৰি জোনাইৰ বাহিৰৰ বেৰাচাপৰি অঞ্চলৰ বহু বানাক্ৰান্ত পৰিয়ালেও সংস্থাপন বিচাৰি চিমেন চাপৰিলৈ আহি চৰকাৰী ভূমি বেদখলত নামি পৰে। উল্লেখযোগ্য যে, চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটি খণ্ডত কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে চৰকাৰে অনুমোদন দি থোৱাৰ লগতে অৱশিষ্ট ভূমিখিনিও চিমেন চাপৰি ৰাইজে চৰকাৰী অনুষ্ঠানৰ বাবে দীৰ্ঘ বছৰ ধৰি সংৰক্ষণৰ ব্যৱস্থা কৰি থৈছে।

ইতিমধ্যে চিমেন চাপৰিৰ চৰকাৰী ভূমিত এখন প'লিটেকনিক কলেজ,গেষ্ট হাউছ নিৰ্মাণ হোৱাৰ লগতে এখন চিকিৎসা মহাবিদ্যালয়, এখন উন্নতমানৰ খেল পথাৰ, শ্মশান, খণ্ড উন্নয়ন কাৰ্যালয়, ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়কে ধৰি আন আন বহু কেইখন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে প্ৰথম অৱস্থাতে চিমেন চাপৰিৰ চৰকাৰী ভূমি বেদখলৰ প্ৰতিবাদত চিমেন চাপৰিৰ বিভিন্ন সংগঠনে জোনাই মহকুমা প্ৰশাসনক আপত্তি জনোৱাৰ ফলত প্ৰশাসনে বৰ্নাত্যক চিনাক্তকৰণ কৰি চৰকাৰী নীতি অনুসৰি পুনঃসংস্থাপন কৰালৈকে চৰকাৰৰ আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰিবলৈ লয় যদিও বানখহনীয়াৰ সুযোগ লৈ চৰকাৰী ভূমি বেদখলত নামি পৰা বৰ্নাত্যই প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি চৰকাৰী ভূমি এৰি দিব বিচৰা নাই। এনে পৰিস্থিতিৰ মাজতে আজি কেইবাহাজাৰ বৰ্নাত্যই চিমেন চাপৰিৰ চৰকাৰী ভূমিত সংস্থাপনৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ চিমেন চাপৰিৰ অইল তিনি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা আৰক্ষীয়ে বাধা দিবলৈ যাওঁতে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ চোঁচা লৈ হতাহতিত লিপ্ত হয়।

আনহাতে ,ঘটনাটোত মহিলা আৰক্ষীৰ লগতে কেবাগৰাকী আৰক্ষী আহত হোৱাৰ উপৰি এখন আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰি পেলায় প্ৰতিবাদকাৰীসকলে। তিনি ঘন্টা জোৰা ঘাইপথ অৱৰোধ চলি থকা অৱস্থাত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতী, জোনাই ৰাজহ চক্ৰ বিষয়া প্ৰীতম কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদী বৰ্নাত্যক ঘাইপথৰ পৰা আঁতৰি যাবলৈ কয় যদিও অৱৰোধ কাৰ্যসূচী বহু সময়লৈকে চলাই নিয়ে।

শেষত প্ৰশাসনৰ ফালৰ পৰা আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰাৰ লগে লগে প্ৰতিবাদী সকল চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটিত অস্থায়ীভাবে নিৰ্মাণ কৰি থকা শিবিৰলৈ ৰাওনা হয়। শেহতীয়াকৈ জোনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা আজিয়েই জাননী জাৰি কৰি বৰ্নাত্যক চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এই জাননী অমান্য কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'ব বুলি সকীয়াই দিয়াৰ পিছত শিবিৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হয় শ শ বৰ্নাত্য।

লগতে পঢ়কঃবেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details