অসম

assam

ETV Bharat / state

বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে জোনাই আদালতত গোচৰ

নেপালী সম্প্ৰদায়ৰ মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুস্কা শৰ্মাৰ । জোনাই আদালতত গোচৰ আগছুৰ ।

Case register against Anuskha Sharma at Jonai
বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে জোনাই আদালতত গোচৰ

By

Published : Jun 3, 2020, 9:29 PM IST

জোনাই, ৩ জুনঃ আমাজন প্ৰাইম নামৰ ৱেব চেনেল এটাত প্ৰচাৰিত পাতাল ল'ক নামৰ ৱেব চিৰিজৰ এটি দৃশ্যত নেপালী ভাষী গোর্খা সম্প্ৰদায়ৰ ওপৰত আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে বুধবাৰে জোনাইত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে জোনাইৰ আদালতত এক গোচৰ ৰুজু কৰে ৷

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে জোনাই আদালতত গোচৰ আগছুৰ

উক্ত ৱেব ছিৰিজৰ নির্মাতা তথা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাক এই বিতৰ্কিত দৃশ্য আঁতৰাবলৈ সদৌ নেপালী গোৰ্খা ছাত্ৰ সন্থাই বাৰে বাৰে দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত এই দাবী মানি নোলোৱাত বলিউডৰ অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে জোনাইৰ আদালতত এক গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় বুলি বুধবাৰে জোনাই গোর্খা ভৱনত এখনি সংবাদমেল যোগে এই কথা সদৰি কৰে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ পুৰিয়ে ৷

ইয়াৰ লগতে যোৱা ১৫ মে'ত ৰিলিজ হোৱা পাতাল ল'ক নামৰ চিৰিজখনত নেপালী ভাষী গোর্খা সম্প্ৰদায়ৰ মহিলাৰ ওপৰত আপত্তিজনক মন্তব্যক লৈ নেপালী সম্প্ৰদায়ৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া দেখা দিছে বুলি উল্লেখ কৰে । এনে বিৰ্তকিত মন্তব্য শীঘ্ৰেই আঁতৰাই দিবলৈ দাবী জনায় আৰু ভৱিষ্যতেও যিকোনো সম্প্ৰদায়ৰ ওপৰত এনে বিৰ্তকিত মন্তব্য ব্যৱহাৰ কৰি ৱেব চিৰিজ নিৰ্মাণ নকৰিবলৈ সকীয়াই দিয়ে ৷

সংবাদমেলত জোনাইত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সোমৰাজ পুৰি, উপাধ্যক্ষ ভীম তামাং, বিষয়ববীয়া গীতা প্ৰধান, কাৰ্যকৰী সদস্য দিলিপ কুমাৰ লিম্বু, জীৱন প্ৰধান, লাল ৰায়, দিল বাহাদুৰ ৰায়, আইনী উপদেষ্টা ৰাজু ছেত্ৰী আৰু উপদেষ্টা যুদ্ধবীৰ প্ৰধান উপস্থিত থাকে ।

লগতে পঢ়কঃ ছত্তিশগড়ত এগৰাকী ৮ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

ABOUT THE AUTHOR

...view details