অসম

assam

ETV Bharat / state

জোনাইত অনুষ্ঠিত হয় কেৰিয়াৰ কাউঞ্চিলিং প্ৰশিক্ষণ - Assam Down Town University

জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয় আৰু চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত হয় কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণ কাৰ্যসূচী ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত (Mising Autonomous counsil), ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটীৰ সহযোগত আৰু টিএমপিকৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি অনুষ্ঠিত হয় এই কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণৰ কাৰ্যসূচী (Career Counselling Program Held in Jonai) ৷

Career Counselling Program Held in Jonai
জোনাইত অনুষ্ঠিত হয় কেৰিয়াৰ কাউঞ্চিলিং প্ৰশিক্ষণ

By

Published : Aug 19, 2022, 10:22 PM IST

Updated : Aug 22, 2022, 9:45 AM IST

জোনাই, ১৯ আগষ্ট: জোনাইত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত (Mising Autonomous counsil), ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটীৰ সহযোগত আৰু টিএমপিকৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় (Career Counselling Program Held in Jonai)৷ প্ৰথমে দিনৰ ১০ বজাত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু তাৰ পিছত দিনৰ ১ বজাত চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণ কাৰ্যসূচী ৷

মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণৰ কাৰ্যসূচীত জোনাই মহকুমা বালিকা মহাবিদ্যালয়, বিজ্ঞান মহাবিদ্যালয়, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰানন্সিলিয়ান হাইস্কুল, ট্ৰি জে হাইস্কুল, যুৱল্লি হাইস্কুল, জোনাই বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ কেৰিয়াৰ কাউঞ্চিলিং প্ৰশিক্ষণৰ এই অনুষ্ঠানটো পৰিচালনা কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে।

জোনাইত অনুষ্ঠিত হয় কেৰিয়াৰ কাউঞ্চিলিং প্ৰশিক্ষণ

অনুষ্ঠানটোত এগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ডাউন টাউন বিশ্ববিদ্যালয়ৰ (Assam Down Town University) উদ্যমী বক্তা অঞ্জন চৌধুৰীয়ে কয়, ইংৰাজী ভাষাটো জনাৰ বিশেষ প্ৰয়োজন নাই যদিও বিশ্বায়নৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ইংৰাজী ভাষা জনাটো দৰকাৰ ৷ এটা অঞ্চলত যিমান মানুহে বসবাস কৰে, তাত সকলোৱে সংস্থাপন পোৱা সম্ভৱ নহয় ৷ মানুহৰ সদায় সঠিক সপোন থাকিব লাগে আৰু সঠিক সপোনক বাস্তৱায়িত কৰাটোহে মূল লক্ষ্য হোৱা উচিত বুলি উনুকিয়াই বহুতে উচ্চ শিক্ষা গ্ৰহণ কৰাটো প্ৰথম আৰু একমাত্ৰ ধাৰণা কৰি লয় । কিন্তু সেয়া গ্ৰহণযোগ্য নহয় ৷ আচল কথাটো হৈছে যিটো বিষয় অধ্যয়নৰ বাবে বাচি লোৱা হয়, তাৰ ওপৰত সম্যক জ্ঞান আৰু দক্ষতা আয়ত্ব কৰিব লাগে৷ প্ৰত্যেকৰে উচ্চাকাংক্ষা থাকিব লাগে আৰু তাক পূৰণ কৰিবলৈ আত্মবিশ্বাসেৰে দৃঢ় সংকল্প গ্ৰহণ কৰিব লাগে ৷ চাকৰিৰ মানসিকতা পৰিহাৰ কৰি কৰ্মসংস্থাপনৰ বাবে যিকোনো ক্ষেত্ৰত দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি মন্তব্য কৰে ।

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহকাৰী মাৰ্কেটিং মেনেজাৰ ইফতিকাৰ আহমেদ,প্ৰকল্প সমন্বয়ক মানস প্ৰতিম চুতীয়াই কৰ্মসংস্থাপন লাভৰ বাবে বিভিন্ন ডিপ্ল'মাৰ ওপৰত প্ৰণালীৱদ্ধ প্ৰশিক্ষণ আগবঢ়ায় । অনুষ্ঠানটোত মূৰ্কংচেলেক কলেজৰ অধ্যক্ষ ড৹ দীপক দলে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদক, জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং, সাধাৰণ সদস্য পদুম ৰায়, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং,টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি বড়ি পাতিৰ, টিএম পিকেৰ জোনাই জিলা সভাপতি সঞ্জয় কুম্বাং, সম্পাদক মিগম দলেৰ টি এম পিকে, টিএম এম কে, এম এম কেৰ কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ অৱিভাৱক আৰু অৱিভাবিকাসকল উপস্থিত থাকে ৷

ইফালে দিনৰ ১ বজাত চিমেন চাপৰি মহাবিদ্যালয়ত চিমেন চাপৰি,ডেকাপাম, তেলাম, ৰামধন দিখাৰী,লাইমেকুৰী,চমকং আদি অঞ্চলৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা হয় কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণৰ দ্বিতীয়টো কাৰ্যসূচী (Career Counselling Program)৷

এই কাৰ্যসূচীত চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেই দক্ষতা বিকাশৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি চমু ভাষণ দাঙি ধৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদকে উদ্ধোধন কৰে আৰু টিএমপিকেৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক মহেশ পেগুয়ে আঁতধৰে অনুষ্ঠানটো ৷

এই অনুষ্ঠানটোত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা, সাধাৰণ সদস্য পদুম ৰায়, ববীকান্ত পেগু, চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন পেগু, চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক জোনমণি ৰাঈদঙীয়া, টিএমপিকেৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি কান্দা টায়েং, সদস্য ভূৱন পেগু, চানু দলে, চমকং আঞ্চলিক সমিতিৰ কেবাজনো বিষয়ববীয়া,এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী উপস্থিত থাকে।

লগতে পঢ়ক:দুৰ্বল আন্তঃগাঁথনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা অহা বুলি কলে ছাত্ৰ সন্থাই

Last Updated : Aug 22, 2022, 9:45 AM IST

ABOUT THE AUTHOR

...view details