জোনাই, 21 জুনঃ চীনত নিৰ্মিত সকলো সামগ্ৰী বৰ্জন কৰিব লাগে ৷ চীনা সামগ্ৰী বৰ্জন কৰিলে কোঙা হৈ পৰিব চীনৰ অৰ্থনীতি । এই মন্তব্য বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙৰ ৷ বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বৰ্তমান পৰিস্থিতি চীনা সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰাটো প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব বুলি উল্লেখ কৰে ৷
তেঁও চীনৰ লগতে ভাৰতেও বৰ্তমান বিশ্বৰ চুপাৰ পাৱাৰ হোৱাৰ দিশে আগবঢ়াত মেকমোহন লাইনক আন্তৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তন কৰাটো দুয়োখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে ৷