জোনাই, ২৯ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰচাৰ অভিযানৰ (Jonai Annual Session of Srimanta Sankardeva Sangha) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিৰ কাৰ্যালয়ৰ সমীপৰ চিমেন চাপৰি চাৰিআলিত হৰ্ডিং আঁৰি অধিবেশনৰ প্ৰচাৰ অভিযান আৰম্ভণী কৰা হয় ৷
মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিৰ সভাপতি বিমান শইকীয়াই (campaigning programme in Jonai) । প্ৰচাৰ অভিযানৰ বিষয়ে বক্তব্য ৰাখি বিমান শইকীয়াই কয়, ২০২৩ চনৰ ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনখন (92nd Srimanta Sankardeva Sangha Jonai Session) সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণী সমিতিৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিয়ে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলোৱাৰ কাম হাতত লৈছে ।