অসম

assam

By

Published : Mar 18, 2021, 6:22 PM IST

ETV Bharat / state

বিজেপিক থকা-সৰকা ভূপেশ বাঘেলৰ

কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীৰ শৈলেন সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপিক থকা-সৰকা কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

বিজেপিক থকাসৰকা কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে
বিজেপিক থকাসৰকা কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে

ধেমাজি,18 মাৰ্চ:অসমত এতিয়া ভিৰ বাঢ়িছে তাৰকা প্ৰচাৰকৰ ৷ প্ৰতিটো সমষ্টিতে তাৰকা প্ৰচাৰকৰ জৰিয়তে বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে ধেমাজি বিধানসভা সমষ্টিত কংগ্ৰেছ মহাজোটঁৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ ধেমাজি সদৰৰ লিলি চিনেমা হলৰ বাকৰিত অনুষ্ঠিত কৰা সভালৈ হেলিকপ্তাৰে আহিল তাৰকা প্ৰচাৰক গৰাকী ৷

ধেমাজি ষ্টেডিয়ামত অৱতৰণ কৰাৰ পিছতে নিৰ্বাচনী প্ৰচাৰস্থলীত উপস্থিত কংগ্ৰেছ মহাজোঁটৰ তাৰকা প্ৰচাৰক গৰাকী ৷ ইয়াৰ পিছতে প্ৰাৰ্থী শৈলেন সোণোৱালে উষ্ম আদৰণি জনায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীক ৷

প্ৰাৰ্থী শৈলেন সোণোৱালৰ ভাষণৰ পিছতেই তাৰকা প্ৰচাৰক ভূপেশ বাঘেলে আৰম্ভ কৰে নিৰ্বাচনী ভাষণ ৷ পৰিৱৰ্তনৰ দোহাই দি শাসনৰ বাঘজৰী লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসমত কেৱল নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে সকলোৰে আনন্দ সৰ্বানন্দ সোণোৱালৰ দিনত অসমত কেৱল মাত্ৰ ছিণ্ডিকেটৰ আনন্দ চলিছে ৷ মাছ-কণী-কয়লা সকলোতে চলিছে ছিণ্ডিকেট ৷

বিজেপিক থকা-সৰকা ভূপেশ বাঘেলৰ

বিজেপিয়ে কোৱাৰ দৰে অসমত যদিও ডাবল ইঞ্জিন চলিছে সেয়া এটা ইঞ্জিন সৰ্বা ৷ আনটো হিমন্তৰ বুলি কটাক্ষ কোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ পাঁচ গেৰাণ্টি চৰকাৰ গঠন হ’লেই পূৰণ কৰিব বুলি ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷ সভাৰ পিছতেই ধেমাজি লিলি চিনেমা হলৰ চৌহদৰ পৰা ধেমাজি নগৰ তিনিআলিলৈ সমদল উলিওৱা পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে ধেমাজি বিধানসভা সমষ্টিত তাৰকা প্ৰচাৰকৰ প্ৰথমখনি নিৰ্বাচনী সভাই কংগ্ৰেছ মহাজোটক প্ৰাৰ্থী শৈলেন সোণোৱালক কিমানদূৰ লাভান্বিত কৰিব সেয়া সময়তহে লক্ষ্যণীয় হব ৷

লগতে পঢ়ক:কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল প্ৰমিলাৰাণী ব্ৰহ্মৰ

ABOUT THE AUTHOR

...view details