অসম

assam

শেষ টোপাল তেজ থকালৈকে যুঁজিব অসমীয়াই !

By

Published : Dec 8, 2019, 11:45 PM IST

Updated : Dec 9, 2019, 7:35 AM IST

দেওবাৰে ধেমাজিত সাঙীৰে শ্মশান যাত্ৰা কৰাই কুমতীয়া নদীত উটোৱাই দিয়া হ'ল সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা,প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শ্বাহক ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,আছু,আটাছুৰ সহযোগত দেওবাৰে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰতিবাদ
মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা

নিউজ ডেস্ক, 8 ডিচেম্বৰ: সংখ্যা যাৰ,গণতন্ত্ৰত মুলুক তাৰ ।মাজত মাথো এটা দিন ৷ সংখ্যাগৰিষ্ঠতা লৈ ৰাজ্যসভাত গৃহীত হ'ব "নাগৰিকত্ব সংশোধনী বিধেয়ক 2016"৷ ইয়াৰ পিচতে অসমীয়াৰ অধিকাৰ কাঢ়ি লৈ অসমত দপদপাব বহিৰাগতই। মাতৃভূমিক বিক্ৰী হ'বলৈ নিদিয়াৰ স্বাৰ্থত যুঁজিছে অসমীয়াই ৷ জাতীয়তাবাদৰ শৰাধ পাতি ক্ষমতাৰ পিচত দৌৰা মুখ্যমন্ত্ৰীগৰাকী নিপাত যোৱাৰ ধ্বনিত ৰাজ্য কপাইছে অসমীয়াই ৷ দেওবাৰেও প্ৰতিবাদকাৰীৰ শ্ল'গানত কঁপিল সমগ্ৰ অসম ৷

"বিধেয়ক 2016"

দেওবাৰে ধেমাজিত সাঙীৰে শ্মশান যাত্ৰা কৰাই কুমতীয়া নদীত উটুৱাই দিয়া হ'ল সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শ্বাহক ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,আছু,আটাছুৰ সহযোগত দেওবাৰে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জাতিৰ নায়ক উপাধিয়ে বিভূষিত সৰ্বানন্দ সোণোৱালে কেব আনি অসমীয়া জাতিক নিঃশেষ কৰিব বিচৰা সিদ্ধান্তক ধিক্কাৰ দিয়াৰ লগতে হেংদান ধাৰ দি ৰখা হৈছে বুলিও মন্তব্য কৰে সংগঠনৰ নেতৃত্বই ৷

ধেমাজিত সাঙিৰে শ্মশান যাত্ৰা

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই সদৰৰ শ্বহীদ উদ্যান বাকৰিৰ পৰা বিশাল বাইক ৰেলী উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে ৷ একেদৰে নগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নতুন বজাৰৰ পৰা বাইক ৰেলী উলিয়াই কেবৰ প্ৰতিবাদ কৰে ৷ দেওবাৰৰ দিনটোত প্ৰতিবাদ অব্যাহত যোৰহাটতো ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰে মটৰ চাইকেল ৰেলী ৷ বিধেয়ক ২০১৬ বাতিলৰ দাবীত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেনলবাৰী হৰিমন্দিৰৰ পৰা বিশাল বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

বিশাল বাইক ৰেলী

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিধেয়ক বাতিলৰ দাবীতবজ্ৰ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে । আনহাতে অসম আন্দোলনৰশ্বহীদ সুনন্দ শালৈৰ পৰিয়ালৰ সৈতে CAB বাতিলৰ প্ৰতিবাদত নামি পৰে ৰঙিয়া ছাত্ৰ সন্থা ৷ আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰবাসগৃহৰ সন্মুখত প্ৰতিবাদত নামে দুটাকৈ জাতীয় সংগঠন ৷ মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে প্লে কাৰ্ড লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰোপৰি বিধেয়কৰ বিৰোধিতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়,কটন বিশ্ববিদ্যালয় পিচত বন্ধ দিনটোত ৰাজপথলৈ ওলাই আহিল যোৰহাটৰদেৱীচৰণ বৰুৱা মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল

Last Updated : Dec 9, 2019, 7:35 AM IST

ABOUT THE AUTHOR

...view details