ধেমাজী, 13 মাৰ্চঃ 'কা' আন্দোলনৰ পৰিৱেশ কিছু স্তিমিত হোৱাৰ সময়তে আগন্তুক নগৰ সমিতি নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে শাসনাধীষ্ঠ বিজেপিয়ে । যিকোনো প্ৰকাৰে চিলাপথাৰ আৰু ধেমাজি দুখন নগৰ সমিতিৰ বিজেপিয়ে দখল কৰাৰ বাবে চলিছে জল্পনা কল্পনা । আনফালে 'কা' বিৰোধী আন্দোলনত নেতৃত্ব লোৱা মহিলাৰ বিজেপিত যোগদান । শুকুৰবাৰে ধেমাজি বিজেপিৰ জিলা সমিতিৰ মুখ্য কাৰ্য়ালয়ত বিজেপিৰ নগৰ মণ্ডলৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । নগৰ মণ্ডলৰ সভাপতি শশাংক কাকতিয়ে পুৰোহিত্য কৰা সভাত জিলা সমিতিৰ সভাপতি প্ৰেম দত্তই উপস্থিত থাকি দলটোৰ আগুৱাই নিয়াৰ বাবে ঘৰে ঘৰে গৈ চৰকাৰৰ আঁচনিৰ সম্পৰ্কে ৰাইজক অৱগত কৰি বিভ্ৰান্তি দূৰ কৰিব লাগিব বুলি মন্তব্য কৰে ৷
বিজেপিত যোগদান 'কা' বিৰোধী আন্দোলন নেতৃত্ব লোৱা মহিলা - CAA protest
ধেমাজি দুখন নগৰ সমিতিৰ বিজেপিয়ে দখল কৰাৰ বাবে চলিছে জল্পনা-কল্পনা । আনফালে 'কা' বিৰোধী আন্দোলনত নেতৃত্ব লোৱা মহিলাৰ বিজেপিত যোগদান । শুকুৰবাৰে ধেমাজি বিজেপিৰ জিলা সমিতিৰ মুখ্য কাৰ্য়ালয়ত বিজেপিৰ নগৰ মণ্ডলৰ এখন সাংগঠনিক সভাত বিজেপিত যোগদান কৰে 'কা' বিৰোধী প্ৰতিবাদত নেতৃত্ব লোৱা মহিলাই ।
বিজেপিত যোগদান কা বিৰোধী আন্দোলন নেতৃত্ব লোৱা মহিলা
ইপিনে সভাতেই 'কা' বিৰোধী আন্দোলনৰ প্ৰথমাৱস্থাত ধেমাজিৰ নাৰীসমাজ ওলাই অহাৰ বাবে নেতৃত্ব লোৱা ধেমাজি নগৰৰ ১০ নং ৱাৰ্ডৰ লাভলি বৰুৱা দিহিংগীয়াই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । কেমেৰাৰ সন্মুখত সহজ হ'ব নোৱাৰিলেও এইগৰাকী মহিলাই বিজেপি সৈতে হাতে হাত ধৰি দিলে বিজেপি জয়ৰ শ্ল'গান । এনে ক্ষেত্ৰত দুদিন আগলৈকে হাতত হেংদান লৈ ৰাজপথত উত্তাল প্ৰতিবাদত নামি পৰা মহিলাগৰাকীয়ে হঠাতে লোৱা এনে সিদ্ধান্তক লৈ বিভিন্নজনৰ মাজত চলিছে এতিয়া চৰ্চা ।
Last Updated : Mar 13, 2020, 8:16 PM IST