গুৱাহাটী,22 ডিচেম্বৰঃমহানগৰীৰ কাহিলীপাৰাৰ নাগৰিক সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ । দেওবাৰে সাবিত্ৰী ভৰালী হাইস্কুলৰ বাকৰিত শতাধিক লোক একত্ৰিত হৈ আইনখনৰ বিৰোধিতা কৰে ৷ চৰকাৰক ধিক্কাৰ জনাই কোনো কাৰণতে বিদেশীৰ বোজা বহন নকৰে বুলি দাবী কৰে উপস্থিত ৰাইজে ৷ প্ৰতিবাদী অনুষ্ঠানটোত জগদীশ ভূঞা,অভিনেতা ৰবি শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলে চৰকাৰ বিৰোধী ভাষণ প্ৰদান কৰে ৷
ধেমাজিঃ ধেমাজিৰ বিষ্ণুপুৰ পাঁচআলিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত অটল থাকে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷ লগতে ভৱিষ্যতে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। উত্তৰ ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে শতাধিক ৰাইজ ৷ দেওবাৰে আয়োজিত বিশাল প্ৰতিবাদী সভাখনত উপস্থিত থাকে সংগঠনটোৰ সহকাৰী সম্পাদক নাৰায়ণ বৰা ৷