অসম

assam

ETV Bharat / state

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসমীয়া জাতিক কবৰ দিবলৈ উঠি পৰি লাগিছে ! - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই

মঙলবাৰে সহস্ৰাধিক ৰাইজে বিশাল গণ বিক্ষোভত অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে জোনাইৰ আকাশ বতাহ কঁপাই তোলে ৷ এই গণ বিক্ষোভত অংশগ্ৰহণ কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে, অসমীয়াৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰিব পৰা সংশোধিত নাগৰিকত্ব আইন অসমৰ ৰাইজে কোনোপধ্যেই মানি নলয় আৰু বিজেপি চৰকাৰ খনক ফেছীবাদী চৰকাৰ আখ্যা দিয়ে৷

jonai
জোনাইত বিশাল গণ বিক্ষোভ

By

Published : Jan 8, 2020, 12:00 PM IST

জোনাই, 8 জানুৱাৰীঃধেমাজিৰ অসম অৰুনাচল সীমান্ত অঞ্চল জোনাইত মঙলবাৰে বিশাল গণ বিক্ষোভেৰে CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি জোনাইত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু 30 টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত এই বিশাল গণ সমাবেশ অনুষ্ঠিত কৰা হয় ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত 20 সহস্ৰাধিক লোকৰ সমাবেশেৰে মঙলবাৰে অংগীকাৰবদ্ধ হয় দল সংগঠন আৰু ৰাইজ।

জোনাইত বিশাল গণ বিক্ষোভ

এই গণ সমাবেশত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৰাইজক উদ্দেশ্যি কয় যে, নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসমীয়া জাতিক কবৰ দিবলৈ উঠি পৰি লাগিছে আৰু ইয়াত সহযোগ কৰিছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে খেলুৱৈ সমাজক শিল্পী সকলৰ দৰে CAAৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, অসমীয়া জাতিৰ ভাগ্য নিয়ন্ত্ৰা নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱাল নহয় ৷ তেওঁ লগতে কয়, "যাক আমি জাতীয় নায়ক আখ্যা দিছিলো, তেওঁ অসমৰ স্বাভিমান বিসর্জন দি নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ ওচৰত আঁঠু লৈ গাদী ৰক্ষাৰ যুঁজ চলাই আছে ৷"

পলাশ চাংমাইৰ ভাষ্য

ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে এই গণ সমাবেশত অংশলৈ কয় যে CAAৰ কুৰুক্ষেত্ৰত বিজেপি চৰকাৰে কৌৰৱ হৈ থিয় দিছে ৷ লগতে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শর্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমীয়াৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰিব পৰা বিতৰ্কিত আইনখন অসমৰ ৰাইজে কোনোপধ্যেই মানি নলয় বুলি মন্তব্য কৰে ৷ তদুপৰি বসুমতাৰীয়ে সর্বানন্দ সোণোৱালক মেৰুদণ্ডহীন, বিশ্বাসঘাতক, প্রতাৰক মুখ্যমন্ত্রীৰূপে আখ্যা দি কয় যে, তেওঁ বর্তমান সময়ত প্রলাপ বকিবলৈ লৈছে বুলি মন্তব্য কৰে ৷ বিশ্বাসঘাতক মুখ্যমন্ত্রীয়ে ‘মোক অকলশৰীয়া নকৰিব’ বুলি অসমৰ ৰাইজক আহ্বান জনালেও অসমৰ ৰাইজে তেওঁক ইতিমধ্যেই ত্যাজ্যপুত্র কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷

চিত্তৰঞ্জন বসুমতাৰীৰ বক্তব্য

উল্লেখ্য যে এই প্ৰতিবাদী সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰকান্ত পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সুকলতা ফুকণ গগৈ, ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰজনী সন্দিকৈ, ৰাতুল বৰগোহাঁই আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি দুলাল বৰুৱাই এই প্ৰতিবাদী সভাত নিজৰ বক্তব্য ৰাখে ৷ এই গণ সমাবেশ কার্যসূচীত জোনাই আঞ্চলিক সমিতিৰ জ্যেষ্ঠ নাগৰিক সন্থা জোনাই লেখিকা সমাৰোহ সমিতি, ব্যৱসায়ী সন্থা আদিৰ লগতে বিভিন্ন দল সংগঠনে সহযোগিতা আগবঢ়ায় ৷ ইয়াৰোপৰিও এই গণ বিক্ষোভত ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, জোনাই আঞ্চলিক সমিতিৰ আছুৰ সাধাৰণ সম্পাদক মুন শইকীয়া, সভাপতি কল্যাশ মিৰি, ধেমাজি জিলাৰ ৰাজীৱ গগৈ, সহকাৰী সাধাৰণ সম্পাদক দিপক বৰগোহাঁই, মুখ্য সংগঠনিক সম্পাদক দিলিপ কুটুমৰ লগতে ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে৷

লগতে পঢ়ক - বিজু গগৈৰ পাচত আলফাত যোগদান চাবুৱাৰ যুৱকৰ

ABOUT THE AUTHOR

...view details