অসম

assam

By

Published : Dec 25, 2019, 11:33 PM IST

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমানেও ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ কৰোৱাত যদি গাঁৱে গাঁৱে প্ৰতিবাদী সভা পাতি প্ৰতিবাদ সাব্যস্ত কৰিছে তেন্তে আন কৰোৱাত আকৌ ৰেলী উলিয়াই ৰাইজক আইনখনৰ বিৰুদ্ধে সজাগ কৰিছে প্ৰতিবাদকাৰীয়ে ৷

ৰাজ্যজুৰি প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ


টিংখাং, 25 ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সোণোৱালৰ বাবেই বদনামৰ ভাগী হৈছে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোক । টিংখাঙত মুখ্যমন্ত্ৰী প্ৰৱেশ কৰিলেই সোণোৱাল কছাৰী ৰাইজে পহুখেদা দিব মুখ্যমন্ত্ৰী সোণোৱালক । বুধবাৰে টিংখাঙৰ সোনোৱাল কছাৰী অধ্যুষিত অঞ্চল ঔফুলীয়া গাঁৱৰ বিশিষ্ট সমাজ কৰ্মী সুখীধৰ শইকীয়াই টিংখাঙৰ বৰবিলত অনুষ্ঠিত এখন প্ৰতিবাদী গণ সমাৱেশত ৰাজহুৱাকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকিয়নী প্ৰদান কৰে এনেদৰে ৷

টিংখাঙত প্ৰতিবাদ

ৰঙিয়া, 25 ডিচম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াতো বুধবাৰে আছু আৰু ৩০ জনগোষ্ঠীৰ আহ্বানত প্ৰতিবাদী গাঁও সভা অনুষ্ঠিত হয় । ৰঙিয়াৰ কনিহাত কনিহা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে ।

ৰঙিয়াত প্ৰতিবাদ


বটদ্ৰৱা, 25 ডিচেম্বৰঃ বটদ্ৰৱাৰ জাজৰিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অনুষ্ঠিত হয় বৃহৎ প্ৰতিবাদী সভা ৷ সদৌ অসম গৰিয়া, মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বানত কেইবা সহস্ৰাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ ।

বটদ্ৰৱাত প্ৰতিবাদ

ধুবুৰী, 25 ডিচেম্বৰঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন । আগন্তুক 8 জানুৱাৰীত দেশৰ মুঠ ১২ দফীয়া দাবীৰ ভিত্তিত বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘট কাৰ্য্যসূচীৰে গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে । যাৰ বাবে বু্​ধবাৰে ধুবুৰীৰ মিউনিচিপাল হাই স্কুলত অনুষ্ঠিত হয় ধুবুৰী জিলা শ্ৰমিক আৰু কৰ্মচাৰী অভিৱর্তন ।

ধুবুৰীত প্ৰতিবাদ


গুৱাহাটী, 25 ডিচেম্বৰঃ বুধবাৰে লতাশিল খেল পথাৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, গুৱাহাটী আৰ্টিষ্ট গিল্ড, অসম চাৰু কাৰুকলা পৰিষদ, দৃশ্যকলা শিল্পী সন্থা অসমৰ উদ্যোগত ৰং তুলিকা, কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী, লেখক, শিল্পী, সাহিত্যিক, শিক্ষক অংশ গ্ৰহণ কৰে ।

লতাশিলত প্ৰতিবাদ
লখিমপুৰ, 25 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ । বুধবাৰে লখিমপুৰৰ ফুকনহাটত অসম জাতীয়তাবাদী লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুস্থিত হয় প্ৰতিবাদী সভা ।
লখিমপুৰত প্ৰতিবাদ

ধেমাজি, ২৫ ডিচেম্বৰঃখিলঞ্জীয়াৰ বজ্ৰনিনাদত কপিল চিমেন চাপৰি ৷ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত বুধবাৰে পাঁচ সহস্ৰাধিক লোকৰ ঐক্যবদ্ধ প্ৰতিবাদত কঁপিল ধেমাজিৰ চিমেনচাপৰি ৷ চিমেন চাপৰিৰ ষ্টেডিয়ামত পুৱাৰ পৰাই সমবেত হ'ল হাজাৰ হাজাৰ প্ৰতিবাদী ৰাইজ ৷

ধেমাজিত প্ৰতিবাদ

মৰিয়নী, 25 ডিচেম্বৰঃ মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বুধবাৰে ১২ ঘন্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদস্থলীৰ পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈক নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসম বাসীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

ৰূপজ্যোতি কুৰ্মীৰ অনশন কার্যসূচী

টীয়ক, 25 ডিচেম্বৰঃ টীয়কত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰচাৰ চলালে শ শ যুৱ প্ৰজন্মই ৷ টীয়কৰ জগদুৱাৰত যুৱ সমাজৰ উদ্যোগত তথা ৰাইজৰ সহযোগত গ্ৰাম্যাঞ্চলত সজাগতা আনিবলৈ এক ৰেলী বাহিৰ কৰে ৷

টীয়কত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details